ভাৰতবৰ্ষৰ ৭৫ তম স্বাধীনতা দিৱসক সম্মান, টাইমছ স্কোয়াৰত উৰিব বৃহত্তম ত্ৰিৰংগা

Triranga

৭৫ তম বর্ষত ভৰি দিব ভাৰতবৰ্ষৰ গৰ্ব, সন্মানৰ স্বাধীনতা দিৱস। সেই ইতিহাসক শ্রদ্ধা জনাই বৃহৎ সিদ্ধান্ত ল’লে মার্কিন যুক্তৰাষ্ট্রত অৱস্থিত ভাৰতীয় এক সংস্থাই। ১৫ আগষ্টত নিউইয়র্কৰ 'জিৰ’ পইন্ট'  টাইমছ স্কোয়াৰত বৃহত্তম পতাকা উত্তোলনৰ সিদ্ধান্ত লোৱা হৈছে। 

কেৱল নিউইয়র্ক নহয়, নিউজার্ছি, কানেটিকাটত সম্পূৰ্ণ দিন জোৰা স্বাধীনতা দিৱস পালনৰ নানা কাৰ্যসূচী গ্রহণ কৰা হৈছে। টাইমছ স্কোয়াৰত উদযাপনৰ প্রাচুর্য অধিক থাকিব মার্কিন ভুমিৰ অন্য ৰাজ্যতকৈ। টাইমছ স্কোয়াৰৰ বিলবোর্ডত ২৪ ঘণ্টা থাকিব ভাৰতৰ জাতীয় পতাকাৰ ছবি আৰু ত্ৰিৰংগাৰ নানান ছবি। সম্পূৰ্ণ দিনটোৰ বাবে এটা ক্রুজৰ ব্যৱস্থাও কৰা হৈছে। হাডছন নদীত চলোৱা হ’ব এই ক্রুজ। তাত নদীভ্রমণ কৰি স্বাধীনতা দিৱস পালন কৰিব ইন্দো আমেৰিকান উচ্চ পদস্ত বিষয়াসকলে। ফেডাৰেচন অফ্‌ ইণ্ডিয়ান এছোছিয়েশ্যনছৰ ফালৰপৰা যোৱা বছৰো স্বাধীনতা দিৱস পালন কৰা হৈছিল।

এফআইএ সভাপতি অঙ্কুৰ বৈদ্যই জনাইছে, সংগঠনৰ ফালৰপৰা প্রতিবছৰে টাইমছ স্কোয়াৰত ত্ৰিৰংগা উত্তোলন কৰা হয়। কাৰণ এই অনুষ্ঠানৰ নিজস্ব গুৰুত্ব আছে। বৈদ্যই লগতে কয়, 'আমি এই ঐতিহ্য অব্যাহত ৰাখিবলৈ বিচাৰো। এই বছৰ, আমি টাইমছ স্কোয়াৰত যি ত্ৰিৰংগা উত্তোলন কৰিম সেইখন ইয়াত উত্তোলিত ত্ৰিৰংগাৰ ভিতৰত সকলোতকৈ ডাঙৰ হ’ব'।  নিউ ইয়র্কৰ টাইমছ স্কোয়াৰ বিশ্বৰ অন্যতম দ্রষ্টব্য স্থান। আমেৰিকাৰ অভিজাত এলাকাও। প্রতি বছৰে আমেৰিকাৰ মেনহাটনতো বিশেষভাৱে ভাৰতৰ স্বাধীনতা দিৱস পালন কৰা হয়। উপস্থিত থাকে মার্কিন জনপ্রতিনিধিসকলো। কিন্তু ঐতিহাসিক টাইমছ স্কোয়াৰত এইবাৰ সর্ববৃহৎ ত্ৰিৰংগা উত্তোলনে ইতিহাস সৃষ্টি কৰিবলৈ আগবাঢ়িছে।

Your Comments