তালিবানে দখল কৰিলে আফগানিস্থানৰ গজনি প্ৰদেশ

Taliban

তালিবান আগ্রাসনৰ সন্মুখত প্রায় পৰাজয় স্বীকাৰ কৰিলে আফগান চৰকাৰে। ক্ষমতা ভগাই লোৱাৰ প্ৰস্তাৱো আগবঢ়ালে ৷

তালিবানী দখললৈ গুচি গৈছে আফগানিস্থানৰ গজনি প্রদেশ । এই প্ৰদেশ তালিবানীৰ ঘাঁটি বৰ্তমান কাবুলৰপৰা মাত্র ১৩০ কিলোমিটাৰ দূৰৈত। আছৰফ ঘানি চৰকাৰ পৰিচালিত আফগানিস্থানৰ বৰ্তমানলৈকে মুঠ ১০খন প্রদেশেই তালিবানী দখললৈ গুচি গৈছে। ইয়াৰ পিছতে আফগান চৰকাৰৰ ফালৰপৰা তালিবানক ক্ষমতা ভগাই লোৱাৰ প্রস্তাৱ আগবঢ়োৱা হৈছে বুলি জানিবলৈ পোৱা গৈছে। 

ইতিমধ্যে আমেৰিকাৰ সামৰিক কার্যালয় পেন্টাগনৰ ফালৰপৰা আশঙ্কা প্রকাশ কৰি কোৱা হৈছে, ৯০ দিনৰ ভিতৰতে কাবুল সম্পূৰ্ণ দখল কৰি ল’ব তালিবানে। যোৱা বুধবাৰে এই ৰিপোর্ট প্রকাশ পোৱাৰ পিছত বৃহস্পতিবাৰে সেই আশঙ্কাক আংশিক ভাৱে সত্য কৰি গজনি অধিকাৰ কৰিলে তালিবানে। 

Your Comments