ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উপ-নির্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

Raijor dol

শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নেতৃত্বত দেওবাৰে অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উপ-নির্বাচনত বিৰোধীৰ উমৈহতীয়াৰ প্ৰাৰ্থীৰে অৱৰ্তীণ হোৱাৰ সিদ্ধান্ত লোৱা হয়।

এআইইউদিএফক আঁতৰত ৰাখি বিজেপি বিৰোধী শক্তিৰে ঐক্যবদ্ধ ভাৱে উপ-নির্বাচনত অৱতীৰ্ণ হোৱাৰ কথা কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লোৱা হয়।

বিজেপিৰ দৰে এআইইউদিএফ দল সাম্প্ৰদায়িক আৰু এটা সাম্প্ৰদায়িক দলক লগত লৈ আন এটা সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰাটো নৈতিক ভাৱে সম্ভৱ নহয়।

আনহাতে উপ-নির্বাচন সন্দৰ্ভত আলোচনাৰ বাবে কংগ্ৰেছ দলৰ তিনিগৰাকী কাৰ্যকৰী সভাপতি ৰাইজৰ দলৰ কাৰ্যালয়লৈ অহাৰ কথাও সদৰি কৰে গগৈয়ে ৷ বিজেপি দলৰ বিৰুদ্ধে কোনোবাই অকলে নির্বাচনত অৱৰ্তীন হলে বিজেপিক ৱাক অভাৰ দিয়া হব বুলি লগতে তেওঁ কয়।

বিজেপিৰ অঘোষিত জৰুৰীকালীন অৱস্থাত অতিকৈ নিৰ্যাতিত দলটো ৰাইজৰ দল। বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল বুজি পাওঁ। তাৰ বাবে বিৰোধী শক্তিক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছোঁ- বিধায়ক গগৈয়ে কয়।

Your Comments