ক'ৰ'নাত ক্ষতিগ্ৰস্তলৈ সাহায্যৰ পেকেজ ঘোষণা কৰক অন্যথা প্ৰতিবাদত নামিব ৰাইজৰ দল- অখিল গগৈ

Raijor dol

“ক'ৰ'নাত ক্ষতিগ্ৰস্তৰ বাবে চলিত বিধানসভাৰ বাজেট অধিৱেশনত সাহায্যৰ পেকেজ ঘোষণা কৰক। অন্যথা ৰাজপথত প্ৰতিবাদত নামিব ৰাইজৰ দল”- এই ঘোষণা বিধায়ক অখিল গগৈৰ। ক'ৰ’নাৰ বাবে ঘোষণা হোৱা অৰ্ধ লক্‌ডাউন আৰু সম্পূৰ্ণ লক্‌ডাউনত ক্ষতিগ্ৰস্ত ৰাজ্যৰ বাছ চালক, ৰিক্সা চালক, ঠেলাৱালা, অট’ৰিক্সা চালক, ক্ষুদ্ৰ ব্যৱসায়ী, সাংবাদিক, উকীলৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্রেণীৰ বাবে চৰকাৰক আৰ্থিক পেকেজ ঘোষণাৰ দাবী জনাই শিৱসাগৰৰ বিধায়ক গগৈয়ে। ৰাইজৰ দলৰ মঠঘৰীয়া কাৰ্যালয়ত সংবাদমাধ্যমৰ সন্মুখত বিধায়ক গৰাকীয়ে কয়- ১৩আগষ্টত চলিত বাজেট অধিৱেশনৰ সামৰণী পৰিব। তাৰ ভিতৰতে ঘোষণা কৰক এই পেকেজ।


আনহাতে, ৩০অক্টোবৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকক ক’ভিড ভেক্‌চিন প্ৰদানৰ দাবী জনাই অখিলে কয়- নিৰ্দিষ্ট সময়ত ভেক্‌চিন প্ৰদান সম্পূৰ্ণ নহ’লে ৩১ অক্টোবৰৰ পৰা ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিব ৰাইজৰ দল। সমগ্ৰ অসম জুৰি চলাব ব্যাপক প্ৰচাৰ।

দেওবাৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰস্তাৱ অনুসৰি ৩১ আগষ্টৰ ভিতৰত ৰাজ্যৰ কৃষকৰ বড়ো আৰু আহু ধান এফচিআইক ক্ৰয়ৰ বাবে কৃষি বিভাগে উদ্যোগ লোৱাৰো দাবী জনায়।অন্যথা কৃষি বিভাগ আৰু এফচিআইৰ বিৰুদ্ধে গঢ়ি তোলা হ’ব প্ৰতিবাদী কাৰ্যসূচী।

উল্লেখ্য যে কাৰামুক্ত হৈ সভাপতি অখিল গগৈৰ নেতৃত্বত প্ৰথমখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছিল ৰাজনৈতিক দলটোৰ।

কাৰ্যনিৰ্বাহক সভাতে দলৰ কিছু সাংগঠনিক সিদ্ধান্ত লোৱা হয়। ৩০ছেপ্টেম্বৰৰ ভিতৰত অসম নাৰী বল নামেৰে ৰাইজৰ দলৰ মহিলা শাখা আৰু অসম যুৱ বল নামেৰে যুৱ শাখা গঠন কৰাৰো সিদ্ধান্ত লোৱা হয় সভাত।

ইয়াৰ উপৰিও চাহ শ্ৰমিক, সংখ্যা লঘু, জনজাতি, অনুসূচীত জাতি, অ’বিচি-এমঅ’বিচি আদি কোষ সমূহো উক্ত সময়ৰ ভিতৰতে গঠন কৰা হ’ব- গগৈয়ে কয়।

Your Comments