চিটী বাছৰ দৌৰাত্ম্য ! মহানগৰীত পথৰ ওপৰতে বাগৰি পৰিল পানীভৰ্তি টেংকাৰ

topo

মহানগৰ গুৱাহাটীত ৰাজপথৰ ওপৰতে আজি বাগৰি পৰিল এখন পানী ভৰ্তি টেংকাৰ । সদাব্যস্ত কমাৰ্চ পইণ্টৰ সন্মুখতে সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনা সংঘটিত হোৱা টেংকাৰখনৰ নম্বৰ এ এছ-১৯ ৯০১৯ । দুৰ্ঘটনা সংঘটিত কৰি চালকজনে পলায়ন কৰে ।  দুৰ্ঘটনাত পতিত হোৱা টেংকাৰখন চৌধুৰী ড্ৰিংকিং ৱাটাৰৰ বুলি জানিব পৰা গৈছে । ডিভাইডাৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । ঘটনাটো সংঘটিত হোৱাৰ পিছত পথটোত তীব্ৰ যান জঁটৰ সৃষ্টি হয় । প্ৰত্যক্ষদৰ্শীৰ অধিযোগ মতে এখন চিটি বাছে ৰাস্তা এৰি নিদিয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় । ঘটনাটোৰ অলপ পিছতে চন্দমাৰি আৰক্ষী ঘটনা স্থলীত উপস্থিত হয়গৈ ।

Your Comments