অলিম্পিকত পদক পাবলৈ সক্ষম হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা লাভলীনা

Lovlina

টকিঅ’ অলিম্পিকত অসম জীয়ৰী লাভলীনাৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে আছিল আজিৰ দিনটো বিশেষ ৷ চেমি ফাইনেল পাবলৈ সক্ষম হোৱা বক্সাৰ গৰাকীৰ বাবে অসমৰ বিভিন্ন ঠাইত চলিছিল প্ৰাৰ্থনা ৷ সেই খেল খনৰ ফলাফল ওলাল ৷

অসম কন্যা লাভলীনাই ৫-০ ব্যৱধানত তুৰ্কীৰ খেলুৱৈৰ হাতত পৰাস্ত হৈ ব্ৰ’ঞ্জৰ পদক নিশ্চিত কৰে মহিলাৰ বক্সিঙত ভাৰতৰ বাবে ৷ 

Tweet

লাভলীনালৈ টুইটাৰ যোগে শুভকামনা প্ৰেৰণ কৰিলে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও ৷ 

লাভলীনা হৈ ৰ’ব দেশৰ যুৱ প্ৰজন্মৰ বাবে উৎসাহ ৷ যিকোনো পৰিস্থিতিৰ বাধা নেওচি আজি অসম কন্যা লাভলীনা জিলিকিল বিশ্ব প্ৰেক্ষাপটত ৷

উল্লেখ্য যে লাভলীনাই হৈছে অসমৰ পৰা অলিম্পিকত যোগদান কৰা প্ৰথম গৰাকী মহিলা খেলুৱৈ তথা অসমৰপৰা অলিম্পিকত পদক পাবলৈ সক্ষম হোৱা প্ৰথম গৰাকে খেলুৱৈ ৷

Your Comments