১০৮ৰ কৰ্মচাৰী আৰু জি ভি কেৰ মাজত কি সমস্যা আছে আমি নাজানো : হিমন্ত বিশ্ব 

১০৮ৰ কৰ্মচাৰী আৰু জি ভি কেৰ মাজত কি সমস্যা আছে আমি নাজানো : হিমন্ত বিশ্ব 

"১০৮ আৰু ১০২ কৰ্মচাৰী আৰু জি ভি কেৰ মাজত কি সমস্যা আছে আমি নাজানো আৰু জানিবলৈ চেষ্টাও কৰা নাই" এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ১০৮ আৰু ১০২ৰ কৰ্মচাৰীসকলে প্ৰাপ্য বিচাৰি আন্দোলন কৰি থকাৰ সময়তে আজি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে৷ গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত আজি আয়োজিত এক অনুষ্ঠানত ভাগ লোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে ।

জি ভি কেৰ নিয়ন্ত্ৰণ যে এতিয়া ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত নাই বা আন্দোলনৰত কৰ্মচাৰীসকলক বিভাগটোৱে যেন সহযোগীতা কৰিব বিচৰা নাই স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ এই মন্তব্যই যেন তেনে কথাৰেই ইঙ্গিত দিয়ে ৷ স্বাস্থ্য বিভাগৰ চৰম উদাসীনতাৰ ফলত এতিয়া মৃত্যু ঘণ্টা বাজিছে ৰাজ্যৰ জৰুৰীকালীন সেৱাত । ১০৮ আৰু ১০২ৰ কৰ্মচাৰীসকলে ৯ দিন ধৰি প্ৰতিবাদ কৰি অহাৰ পাছত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আজি এই সন্দৰ্ভত প্ৰদান কৰা উক্ত দায়িত্বহীন মন্তব্যত ক্ষুদ্ধ হৈ পৰিছে প্ৰতিবাদী কৰ্মচাৰীসকল ।

Your Comments