ৰাজ্যত বৃদ্ধি পাইছে শিশু আৰু কিশোৰ ক’ৰ’না ৰোগী

Child covid patient

ক’ৰ’না মহামাৰীৰ দ্বিতীয় ঢৌ সাম কাটিবলৈ ধৰিছে বুলি ভাবোতেই পৰিলক্ষিত হৈছে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে শিশু ক’ভিড ৰোগীৰ হাৰ।

উল্লেখ্য যে, বৰ্তমানো ২৪ঘণ্টা কন্টেইনমেণ্ট জ’ন প্ৰযোজ্য হৈ থকা লখিমপুৰত চিন্তনীয় ভাৱে বৃদ্ধি পাইছে ক’ৰ’নাত আক্ৰান্ত শিশু আৰু কিশোৰৰ হাৰ। খবৰ অনুসৰি এতিয়ালৈকে লখিমপুৰত ৭২০ গৰাকী শিশু আৰু কিশোৰ ক’ৰ’নাত আক্ৰান্ত হৈছে ।

তথ্য অনুসৰি, চিকিৎসাধীন হৈ থকা শিশু-কিশোৰৰ সংখ্যা ০ -৫ বছৰ বয়সৰ ১২৮ গৰাকী, ৬- ১২ বছৰৰ ২৪৭ গৰাকী, ১৩-১৮ বছৰৰ ৩৪৫ গৰাকী ৷ এইসকলৰ ভিতৰত ৮২ গৰাকী উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি হৈ আছে ৷

আনহাতে বৰ্তমান লখিমপুৰত সক্ৰিয় ৰোগীৰ সংখ্যা ৫৮ গৰাকী৷

Your Comments