বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সুশান্ত বৰগোঁহাইৰ

HBS

বিজেপি দলত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ থাওৰাৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইৰ। কংগ্ৰেছ দল ত্যাগ কৰি আজি আনুষ্ঠানিক ভাৱে গেৰুৱা বসন পিন্ধিব গোহাঁইয়ে । বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত শক্তিশালী কংগ্ৰেছ নেতা গৰাকীয়ে বিজেপি দলত যোগদান কৰিব।

File photo

উল্লেখ্য মুখ্যমন্ত্ৰী শৰ্মাৰ অতি ঘনিষ্ঠ সুশান্ত বৰগোঁহাই।বিজেপি দললৈ মুখ্যমন্ত্ৰীয়ে আদৰণি জনাই গোঁহাইক।

আনহাতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত বৰগোঁহাইৰ সৈতে উপস্থিত আছিল মন্ত্ৰী পিযুষ হাজৰিকা।

Your Comments