বিশ্বৰ শীৰ্ষ স্হানৰ চীনা প্ৰতিদ্বন্দ্বীৰ সৈতে আজি চেমিফাইনেলত ভাৰতীয় তাৰকা পি.ভি. সিন্ধু

P.V. Sindhu

টকিঅ' অলিম্পিকত ভাৰতীয় তাৰকা খেলুৱৈ পিভি সিন্ধুৱে আজি নামিব চেমিফাইনেলত। বেডমিণ্টন চেমি ফাইনেলত ভাৰতীয় তাৰকা গৰাকীয়ে মুখামুখি হ'ব চীনৰ প্ৰতিদ্বন্দ্বীৰ সৈতে।

উল্লেখ্য বেডমিণ্টনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত থকা চীনা খেলুৱৈ টাই জু য়িঙৰ মুখা-মুখি হ’ব সিন্ধু।

ভাৰতীয় বেডমিণ্টন তাৰকা সিন্ধু বিশ্ব ৰেংকিঙত সপ্তম স্থানত আছে।

শনিবাৰে আবেলি ৩.২০ বজাত অনুষ্ঠিত হ’ব চেমিফাইনেল খেলখন।

Your Comments