মন্ত্ৰী পিযুষ হাজৰিকাৰ সংবাদমেল: আৰক্ষীৰ নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা

Pijush Hazarika

জনতা ভৱনত কেবিনেট বৈঠকৰ পিছত মন্ত্ৰী পীয়ুষ হাজৰিকাই আয়োজন কৰে সংবাদমেলৰ। উক্ত সংবাদমেলত মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ৷ ১৫ হাজাৰ আৰক্ষীক অতিশীঘ্ৰে নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে, বৰ্তমানৰপৰা অসম আৰক্ষীৰ চাকৰি নিযুক্তি প্ৰক্ৰিয়া কঠোৰ কৰা হ’ব।

হাজৰিকাই জানিবলৈ দিয়ে ১ ছেপ্টেম্বৰৰ পৰা  আৰম্ভ হ’ব আৰক্ষী নিযুক্তি প্ৰক্ৰিয়া। তাৰোপৰি অসমত ৫ টা নতুন বেটেলিয়ন কেম্প গঠন কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে ৷ লগতে তেওঁ কয়, স্পৰ্শকাতৰ সীমান্তত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হ’ব । পুলিচ কমিছন গঠনৰ সিদ্ধান্তৰ কথাও হাজৰিকাই সদৰি কৰে ৷

Your Comments