এইবাৰ অমিত শ্বাহৰ ঘৰৰ সন্মুখত কংগ্ৰেছৰ বিক্ষোভ, তুমুল উত্তেজনা

new delhi

পেগাছাছ বিষয় সন্দৰ্ভত সংসদৰ ভিতৰে - বাহিৰে যি বিক্ষোভ চলি আছে কংগ্রেছৰ, এইবাৰ গৃহমন্ত্রীৰ ঘৰৰ দুৱাৰ পর্যন্ত সেই বিক্ষোভৰ প্ৰভাৱ পৰিল। পেগাছাছ সন্দৰ্ভত কৃষ্ণ মেনন মার্গত অমিত শ্বাহৰ সন্মুখত বিক্ষোভ সাব্যস্ত কৰিলে কংগ্রেছে। তুমুল উত্তেজনা। আৰক্ষীৰ সৈতে সংঘৰ্ষতো লিপ্ত হৈছে আন্দোলনকাৰী সকল। আটক কৰা হৈছে বহু কেইজনক।

পেগাছাছৰপৰা কৃষি আইনৰ বিভিন্ন সমস্যাতে কেন্দ্রৰ ওপৰত চাপ বৃদ্ধি কৰিছে বিৰোধীসকলে। যোৱা সময়চোৱাত কৃষি আইনৰ বিৰুদ্ধে নজিৰবিহীন প্রতিবাদ কৰে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে। ট্রেক্টৰ চলাই সংসদলৈ যায় বিৰোধী। কেন্দ্রক দাবী জনাই ৰাহুল গান্ধীয়ে কয়, 'তিনিখন কৃষি আইন অবিলম্বে বাতিল কৰিব লাগিব। এই আইন কৃষক বিৰোধী'। অভিযোগ উত্থাপন কৰে, "কৃষকসকলৰ কথা আমি সংসদত ব্যক্ত কৰিছো। এই চৰকাৰে কৃষকসকলৰ কণ্ঠৰোধ কৰিছে , সংসদত কোনো আলোচনা কৰিবলৈ দিয়া হোৱা নাই। এই ক’লা আইন অবিলম্বে প্রত্যাহাৰ কৰিব লাগে। সমগ্ৰ দেশে জানে ২-৩ জন ব্যৱসায়ীক সুখী কৰিবলৈ এই আইন লৈ অনা হৈছে।" 

বিগত সপ্তাহৰ দৰে চলিত সপ্তাহতো কৃষি আইন, পেগাছাছ-সহ বিভিন্ন সমস্যা সন্দৰ্ভত উত্তপ্ত সংসদ। সংসদত এই পৰিৱেশৰ বাবে যোৱা সপ্তাহত বাৰে বাৰে অধিৱেশন স্থগিত কৰিব লগা হৈছে । মঙ্গলবাৰেও সেই একেই ছবি দেখা পোৱা গ’ল। এই দুই সমস্যাই চৰকাৰৰ অস্বস্তি বৃদ্ধি কৰিছে। চৰকাৰক সমালোচনাৰে থকাসৰকা কৰিছে বিৰোধী পক্ষই ৷

Your Comments