মেঘালয় সীমান্ততো চলিছে অসম আৰক্ষীৰ সৈতে মেঘালয়ৰ স্থানীয় বাসিন্দাৰ সংঘাত

Assam-Meghalaya violence

এফালে অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিৱেষ ৷ মিজো দুষ্কৃতিকাৰীয়ে ৬ জন অসম আৰক্ষীৰ জোৱানক হত্যা কৰিলে ৷ আনফালে একে সময়তে অসম-মেঘালয় সীমান্তৰ কিলিং-লংখুলি অঞ্চলত অসম আৰক্ষীৰ সৈতে মেঘালয়ৰ একাংশ স্থানীয় বাসিন্দা বিদ্যুতৰ খুঁটাক লৈ সংঘৰ্ষত লিপ্ত হৈছে বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, মেঘালয়ৰ বিদ্যুৎ বিভাগে কিলিং-লংখুলি অঞ্চলত বিদ্যুতৰ খুঁটা স্থাপন কৰিছিল আৰু সেই খুঁটা অসম আৰক্ষীৰ জোৱানে উভালি পেলাবলৈ গৈছিল ৷ ফলত অসম আৰক্ষীৰ সৈতে মেঘালয়ৰ স্থানীয় লোক সংঘৰ্ষত লিপ্ত হয়।

Your Comments