পুনৰ বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ আন এজন বিধায়কে

sushanta borgohain

কংগ্ৰেছ দলৰপৰা ইজনৰ পিছত সিজনকৈ নেতাই যোগ দিছে বিজেপিত ৷ এইবাৰ বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে থাওৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁই ৷ 

জানিব পৰা অনুসৰি, ২ আগষ্টত বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ যুৱ বিধায়ক সুশান্ত বৰগোহাঁইয়ে। তাৰ বাবে ৩০ জুলাইত সমষ্টিৰ পৰা গুৱাহাটীলৈ আহিব তেওঁ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ সময়ত সুশান্ত বৰগোহাঁইয়ে বিজেপিত যোগদান কৰিব বুলি চৰ্চা আৰম্ভ হৈছিল।

Your Comments