বিজেপি-এআইইউদিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি- অখিল গগৈ

Akhil Gogoi

বিজেপি-এআইইউদিএফৰ বিৰুদ্ধে ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ’লে ৰাজ্যৰ ৰাজনীতি সলনি হৈ যাব- এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। সাম্প্ৰদায়িক শক্তিক লগত লৈ অসমৰ ৰাইজৰ সমৰ্থন লাভ কৰাটো সম্ভৱ নহ’ব।

বিজেপি-আৰএছএছক শাসনৰ পৰা খেদিবৰ বাবে অন্য এটা সাম্প্ৰদায়িক শক্তিক লগত লোৱা কাৰ্যটো সমৰ্থনযোগ্য নহয়- গগৈয়ে কয়।

কংগ্ৰেছ দলে এআইইউদিএফৰ সংগ এৰাৰ আহ্বান জনাই গগৈয়ে কয়- “মুছলমানক তীক্ষ্ণ ভাষাৰে আক্ৰমণ কৰা মুখ্যমন্ত্ৰীকো এতিয়া  চিৰাজুদ্দিন আজমলে সমৰ্থন কৰে আৰু শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আখ্যা দিছে।তাৰ পৰাই প্ৰমাণ পোৱা যায় যে বিজেপি-এআইইউদিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।”

আনহাতে, আগন্তুক উপ-নির্বাচনত বিজেপিৰ বিৰুদ্ধে এআইইউদিএফ দলক বাদ দি উমৈহতীয়া প্ৰাৰ্থী ঠিয় কৰোৱাৰ আহ্বান জনায় গগৈয়ে।

Your Comments