প্ৰথমবাৰৰ বাবে এগৰাকী ক’ভিড ৰোগীৰ দেহত ক’ৰ’নাৰ দুটা ভেৰিয়েণ্ট

Corona variants

সমগ্ৰ বিশ্ব জোকাৰি নিছে ক’ৰ’না ভাইৰাছে ৷ প্ৰায় ডেৰটা বছৰ পাৰ হ’ল ক’ভিড আতংকত ৷ এই সময় চোৱাত গৱেষকে আৱিষ্কাৰ কৰিলে ক’ৰ’নাৰ বহু কেইটা ভেৰিয়েণ্ট ৷ কোনো জনৰ শৰীৰত যদি এটা ধৰণৰ ভেৰিয়েণ্টৰ ক’ৰ’নাই দেখা দিছে, আন এজনৰ দেহত অন্য এটা ভেৰিয়েণ্টে ৷

কিন্তু অলপতে সকলোকে আচৰিত কৰি বিশ্বত প্ৰথমবাৰৰ বাবে ক’ৰ’নাৰ দুটা ভেৰিয়েণ্ট ক্ৰমে আল্‌ফা আৰু ডেল্টা ভেৰিয়েণ্টৰ ক’ৰ’না ভাইৰাছ ধৰা পৰিল এগৰাকী মহিলাৰ শৰীৰত ৷ জানিব পৰা অনুসৰি মহিলা গৰাকী ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসক ৷

Your Comments