অপৰাধ, পৰিসংখ্যা আৰু সম্প্ৰীতিৰ ৰাজনীতি

crime scene

-পাৰ্থ প্ৰতীম বৰকটকী


এবছৰমান আগতে এটা গাড়ী চুৰি ঘটনাৰ প্ৰসংগত এজন মুশ্লিম লোকে লিখিছিল---এই ঘটনাত দুটা হ’লেও মিঞা থাকিব৷ দুদিনমান পাছত চাৰিজন অপৰাধীক কৰায়ত্ত কৰা হ’ল আৰু তেওঁৰ পূৰ্বানুমান প্ৰয়োজনাধিক সত্য প্ৰমাণিত হ’ল৷ চাৰিওজন অপৰাধী মিঞা সম্প্ৰদায়ৰ৷

অসমত চৰ্চাত থকা বিভিন্ন অপৰাধক পাৰিসাংখ্যিক দিশৰ পৰা চাবলৈ গ’লে, এই কথা ক’ব পাৰি যে মিঞা সম্প্ৰদায়ৰ অপৰাধ প্ৰৱণতা তুলনামূলকভাৱে বেছি৷ তথ্যগত সত্যৰ দিশৰ পৰা ইয়াতো যথেষ্ট সন্দেহৰ থল আছে যদিও কেৱল তৰ্কৰ স্বাৰ্থতে ইয়াক সাময়িকভাৱে শুদ্ধ বুলি গণ্য কৰিছোঁ৷ এই সম্প্ৰদায়টোৰ ক্ষেত্ৰত  জন্মনিয়ন্ত্ৰণৰ কোনো বিশেষ সচেতনতা দেখা পোৱা নাযায়৷ এই কথাটোৱে আপোনাক এইটো ভাবিবলৈ বাধ্য কৰিছে যে সম্প্ৰদায়টো আগ্ৰাসী আৰু ই এদিন আপোনাৰ কৃষ্টি-সংকৃষ্টি, সাহিত্য, অৰ্থনীতি ইত্যাদি সকলো গ্ৰাস কৰিব৷ স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে আপোনাৰ মনত সম্প্ৰদায়টোৰ প্ৰতি ক্ৰমশঃ তীব্ৰ বিদ্বেষ পুঞ্জীভূত হৈছে৷ এইখিনিতে এটা কথা ভাবক---জেন’ফ’বিয়া মানে কি? No reason can justify xenophobia৷ আপুনি জেন’ফ’বিক৷ 

এই মিঞাবোৰ এনেকুৱাই---যদি এনে চিন্তাই আপোনাৰ মগজুত ক্ৰিয়া কৰি থাকে তেন্তে অন্য একো কৰিব নোৱাৰিলেও অন্তঃত নিজক এটা প্ৰশ্ন কৰক---মিঞাবোৰৰ বাবে দায়ী কোন? ইয়াৰ বাবে পূৰ্ববংগ(বাংলাদেশ) অথবা ইছলাম দায়ী নহয়৷ আপোনাৰ দেশৰ ব্যৱস্থাটো ইয়াৰ বাবে দায়ী৷ 

বহিৰাগতৰ পৰা বাংলাদেশী হ’ল৷ বাংলাদেশীৰ পৰা মিঞা হ’ল৷ অসমত দেখা পোৱা এই ক্ৰমটো খুবেই গুৰুত্বপূৰ্ণ৷ আৰু এই বিৱৰণীটোৱে অসম আন্দোলনৰ বিফলতাসমূহ আৰু সেই আন্দোলনে অসমৰ সমাজ-ৰাজনৈতিক জনজীৱনত মেলি দিয়া বিষাক্ত কীট সদৃশ চিন্তাধাৰাসমূহৰ গণমুখী বিশ্লেষণক অহৰহ বাধা দিয়ে৷ 

মই প্ৰায়ে এটা প্ৰশ্নৰ সন্মুখীন হওঁ---আপুনি মিঞা জড়িত অপৰাধ দেখিলে পোনচাটেই মিঞাক দোষাৰোপ কিয় নকৰে? এটা উদাহৰণ দিওঁ৷ কিছুদিনৰ আগতে কাৰ্বিআংলঙত ১২ বছৰীয়া ছোৱালী এজনীক জ্বলাই মাৰিছিল৷ তেতিয়া আমি বহুতে উচ্চবৰ্ণৰ  প্ৰসংগটো উলিয়াইছিলোঁ৷ ফেচবুকৰ লগতে কেইবাখনো কাকতৰ সম্পাদকীয় পৃষ্ঠাত এই কথাৰ বিৰোধ হৈছিল৷ মন কৰিবলগীয়া কথা, তেতিয়া ব্যৱস্থাটোৰ উচ্চস্তৰত অৱস্থান কৰা কোনোৱেই অপৰাধীৰ নাম লোৱা নাছিল৷ কিন্তু হোজাইৰ চিকিৎসক নিগ্ৰহৰ ঘটনাটোৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰীয়ে অপৰাধীৰ নাম ৰাজহুৱা কৰিলে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিৰ নেতাবোৰে এই কথাটো প্ৰচাৰ কৰিছে৷ এতিয়া মোক এটা প্ৰশ্নৰ উত্তৰ লাগে---ক্ষমতা ব্যৱস্থাটোৰ বাবে ১২ বছৰীয়া ছোৱালীজনীক জ্বলাই হত্যা কৰা ঘটনাটোৰ তুলনাত চিকিৎসক নিগ্ৰহৰ ঘটনাটো বেছি গুৰুত্বপূৰ্ণ কিয় হ’ল? আপুনি যদি মহামূৰ্খ নহয় তেন্তে এই প্ৰশ্নৰ উত্তৰ আপোনাৰ মগজুৱে আপোনাক দিব৷ আৰু সেই উত্তৰতেই মই সততে সন্মুখীন হোৱা প্ৰশ্নটোৰ উত্তৰ সোমাই আছে৷ পৰিসংখ্যাৰ ভিত্তিত জাতিপ্ৰেমৰ স্বাৰ্থত গঢ় লোৱা জেন’ফ’বিয়াক এইদৰেই হিন্দুত্বৰ বাবে ব্যৱহাৰ কৰা হৈছে৷

আমাৰ সমাজত হিন্দু-মুশ্লিমৰ সম্প্ৰীতিৰ এক ধাৰণা প্ৰচলিত হৈ আছে৷ মোৰ বোধেৰে ই এক ভ্ৰান্ত ধাৰণা৷ সম্প্ৰীতি কেতিয়াও একপক্ষীয় হ’ব নোৱাৰে৷ সংখ্যাগুৰুৰ চৰ্ত সাপেক্ষে দেখুৱাবলৈ যোৱা সম্প্ৰীতি, প্ৰকৃতাৰ্থত সম্প্ৰীতি হ’ব নোৱাৰে৷ ই হৈছে সংখ্যাগুৰুৰ আধিপত্য৷ আমোদজনকভাৱে, এই সম্প্ৰীতিৰ উল্লেখ  ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মূলতঃ সেইসকল লোকে কৰে যি সমাজৰ সমাজ-ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক গঠনটোৰ সুবিধাজনক আৰু সুৰক্ষিত স্থানত অৱস্থান কৰে৷ সংখ্যাগুৰুৰ আধিপত্য এওঁলোকৰ বাবে আপাতদৃষ্টিত প্ৰভাৱহীন আৰু অভ্যাস হৈ পৰে৷ এই প্ৰসংগত মিঞা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি ওলাই অহা শিক্ষিত আৰু অৰ্থনৈতিকভাৱে স্বচ্ছল প্ৰতিনিধিসকলৰ আদৰ্শগত সততা আৰু শ্ৰেণী স্বাৰ্থ সন্দেহৰ বাহিৰত নহয়৷ 

আমাৰ মাজত আৰু এটা আমোদজনক কাৰবাৰ চলি থাকে৷ সেইটো হৈছে শিক্ষিত মিঞা, শিক্ষিত মুশ্লিম, শিক্ষিত আদিবাসী আদিয়ে দায়িত্ব লওক৷ মোৰ বোধেৰে ইও এক বিসংগতিমূলক কাৰবাৰ৷ এইদৰেই কোনো অনাকাংক্ষিত ঘটনাৰ বাবে একো একোটা বিশেষ জনগোষ্ঠী/সম্প্ৰদায়লৈ দায় ঠেলি দি ব্যৱস্থাটোক ৰক্ষণাবেক্ষণ দি থকা হয়৷ দ্বায়িত্ব সকলোৰে হোৱা উচিত৷ Collective responsibility is the only way forward. 

গাড়ী চুৰিৰ ঘটনাটোৱে মনত পেলোৱা আন এটা কাহিনী কওঁ৷ এই কাহিনী ১৯৪১-৪৪ৰ সময়ছোৱাৰ৷ Auschwitzত Sonderkommandos নামৰে কিছু কয়দীক পৃথক কৰা হৈছিল৷ এওঁলোকো ইহুদী আছিল৷ এওঁলোকক  Auschwitzৰ গাৰ্ডবোৰক সহায় কৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ বাকী ইহুদীবোৰক গেছ চেম্বাৰত সুমোৱাৰ পূৰ্বে তেওঁলোকৰ কাপোৰ-কানি, চুলি, গহনা আৰু অন্যান্য সম্পদবোৰ কাঢ়ি লোৱাৰ বাবে এওঁলোকক নিয়োজিত কৰা হৈছিল৷ গেছ চেম্বাৰৰ পৰা মৃতদেহবোৰ উলিয়াই সেইবোৰক এওঁলোকেই  জ্বলাই ছাই কৰিছিল আৰু সেই ছাইখিনিক হয় পুতি পেলোৱা হৈছিল নহয় সাৰ হিচাপে খেতিত ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু শেষত এই Sonderkommandos বোৰকো জ্বলাই ছাই কৰি পেলোৱা হৈছিল৷

Your Comments