১৩টা ভিন ভিন ৰোগৰ পৰা শিশু আৰু গৰ্ভৱতী মহিলাক সুৰক্ষিত কৰাৰ লক্ষ্যৰে ৰাজ্যত বিশেষ টিকাকৰণ কাৰ্যসূচীৰ উদ্বোধন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

Keshab Mahanta

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৰ্দ্ধিত মিছন ৰামধেনু-২০২১ৰ অধীনত ৰাজ্যজুৰি ৭ জুলাইৰ পৰা অহা ১৩ জুলাইলৈ চলিব লগা 'বিশেষ টিকাকৰণ সপ্তাহ' কাৰ্যসূচীৰ উদ্বোধন কৰে ৷ উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে ২ বছৰৰ তলৰ শিশুৰ পিতৃ-মাতৃসকলক নিজৰ সন্তানক আগন্তুক সাতটা দিনৰ ভিতৰত ঘৰৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰ বা টিকাকৰণ শিবিৰলৈ নি প্ৰতিষেধক দিয়াবলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাকো এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Keshab Mahanta

উল্লেখ্য যে, এই প্ৰতিষেধক টিকা গ্ৰহণ কৰিলে ৰাজ্যৰ শিশুসকলক ভৱিষ্যতে পলিঅ', জাপানীজ এনকেফেলাইটিজ, হেপাটাইটিছ বি, সৰু আই, ডায়েৰিয়া, নিউমোনিয়া, যক্ষ্মাকে ধৰি কমেও ১৩টা ৰোগৰ পৰা সুৰক্ষিত হ’ব আৰু এই প্ৰয়াসেৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আজিৰে পৰা আৰম্ভ কৰিছে এই বিশেষ সাপ্তাহিক টিকাকৰণ অভিযান।  

বৰ্তমান চলি থকা ক'ভিড প্ৰতিষেধক অভিযানৰ সমান্তৰালকৈ এই নিয়মীয়া টিকাকৰণ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰিবলৈ স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে এই 'বৰ্দ্ধিত মিছন ৰামধেনু' শীৰ্ষক নিয়মীয়া সাৰ্বজনীন প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ প্ৰায় ১.১৮ লাখ শিশুৰ লগতে গৰ্ভৱতী মহিলাক পলিঅ', ৰোটা ভাইৰাছ, জাপানীজ এনকেফেলাইটিজ, হেপাটাইটিছ বি, সৰু আই, ৰোবেলা, নিউমোক'ক্কেল কনজুগেট ভেক্সিন (পিচিভি), টিটেনাছ, বিচিজি, পেণ্টাভেলেণ্ট, ডিপিটি, টিডি প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে।

গুৰুত্বপূৰ্ণ কথা যে, এমাহৰ মূৰে মূৰে তিনিটা পৰ্যায়ত এই সাপ্তাহিক বিশেষ টিকাকৰণ কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে । এই কাৰ্যসূচীৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বিশেষ সাপ্তাহিক টিকাকৰণ ক্ৰমে ৭-১৩ আগষ্ট আৰু ৭-১৩ চেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব। 

Your Comments