গড়া-খহনীয়াত জাহ গ’ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে প্ৰস্তাৱিত ১০০ বিঘা ভূমি

Majuli

মাজুলীৰ গড়মূৰ সদৰৰ নিচেই কাষতে থকা ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশে লুইতৰ দুয়োকাষে পৰিকল্পনা কৰা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত ১০০ বিঘা ভূমি নদীৰ বুকুত জাহ গ’ল ৷

উল্লেখ্য যে এই সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে ১০২ বিঘা মাটি চৰকাৰে ইতিমধ্যে আৱণ্টন কৰাৰ পিছত ব্ৰহ্মপুত্ৰৰ উত্তৰফালে থকা ২০০ বিঘা মাটিৰো আৱণ্টন বিচাৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই  আবেদন জনাইছিল চৰকাৰক । ইয়াৰ বিপৰীতে, মাজুলীৰ গড়া-খহনীয়াত জাহ গ’ল সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ দক্ষিণ দিশৰ ইতিমধ্যে আৱণ্টন কৰা ১০০ বিঘা ভূমি।  

বৰ্তমান গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে যে, জলসম্পদ বিভাগে সময়ত প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে। 

Your Comments