দেশত আক্ৰান্তৰ সংখ্যা কমিলেও দৈনিক মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৯৫৫জনলৈ! চিন্তাৰ কাৰণ ডেল্টা ভেৰিয়েণ্ট

Data

ক’ৰ’না ভাইৰাছৰ ডেল্টা প্রজাতিক লৈ স্বাভাৱিকতেই চিন্তিত বিশ্ব। ভাৰতত ডেল্টা প্লাছৰ সংক্ৰমণৰ হাৰক লৈ ইতিমধ্যে উদ্বেগ সৃষ্টি হৈছে। দেওবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘন্টাত দেশত আক্রান্তৰ সংখ্যা ৪৩ হাজাৰ ৭১ জন। একেৰাহে ৭ দিন ভাৰতত ৫০ হাজাৰৰ তলত আছিল দৈনিক আক্রান্তৰ সংখ্যা।

কিন্তু এইবাৰ পুনৰ চিন্তা বাঢ়িল মৃত্যুক লৈ। শনিবাৰে মৃত্যুৰ সংখ্যা কিছু পৰিমাণে কমিলেও দেওবাৰে পুনৰ এই সংখ্যা বাঢ়িল। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ প্রকাশিত তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত মৃত্যু হৈছে ৯৫৫ জন লোকৰ। শনিবাৰে এই সংখ্যা আছিল  ৮৫৩ জন।

এই মুহূর্তত দেশত এক্টিভ কেছৰ সংখ্যা ৪ লাখ ৮৫ হাজাৰ ৩৫০।  ইয়াৰ মাজতে ক’ৰ’নাক জয় কৰি সুস্থ হৈছে ২ কোটি ৯৬ লাখ ৫৮ হাজাৰ ৭৮ জন। এটা দিনত সুস্থতাৰ সংখ্যা ৫২ হাজাৰ ২৯৯। শনিবাৰে সুস্থ হোৱা লোকৰ সংখ্যা ৫৯ হাজাৰ ৩৮৪ জন। 

কেন্দ্রৰ পৰিসংখ্যা অনুসৰি, দেশত এই পর্যন্ত ৩৫ কোটি ১২ লাখ ২১ হাজাৰ ৩০৬টা ক’ৰ’না টিকাৰ ডোজ দিয়া হৈছে। 

Your Comments