আজি অসমৰ ভাষা আন্দোলনত প্ৰাণ হেৰুওৱা প্ৰথমগৰাকী শ্বহীদ “ৰঞ্জিত বৰপূজাৰী”ৰ ৬১ সংখ্যক মৃত্যু তিথি। আজিৰ দিনটোত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ লগতে শ্বহীদ বৰপূজাৰীৰ পৰিয়ালে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰে ৷
অতি দুখৰ কথা যে ১৯৬০ চনৰ ভাষা আন্দোলনত ৪ জুলাইৰ দিনা তদানীন্তন কামৰূপ জিলাৰ পুলিচ অধীক্ষক পি. বি. পাব্বী ( P. B. Pabbi )য়ে কটন কলেজৰ হোষ্টেল কেম্পাচৰ ভিতৰতেই নিৰ্বিচাৰে গুলি চলাই ৰঞ্জিত বৰপূজাৰীক হত্যা কৰিছিল। ভাষা আন্দোলনৰ এই ঘটনাটোক এটা সম্পূৰ্ণ পৰিকল্পিত ৰাজনৈতিক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছিল।
পৰিতাপৰ কথা এই যে কটন কলেজত পঢ়ি থকা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলনৰ নামত শ্বহীদ হ’ল কিন্তু ভাষা আন্দোলনৰ এই প্ৰথম শ্বহীদজনৰ প্ৰতি ৰাইজৰ কৰ্ত্তব্য কেৱল মৃত্যু তিথিটো অনুষ্টুপীয়াকৈ আয়োজন কৰাতেই সীমাবদ্ধ হৈ থাকি গ’ল ৷ কটন কলেজে শ্বহীদ বৰপূজাৰীক যথোপযুক্ত সন্মান দি তেওঁৰ নামত এটা ছাত্ৰাবাস সজালে আৰু হত্যা কৰা স্থানত সজালে এটি শ্বহীদ বেদী ৷
মৃত্যুৰ ৬১ বছৰৰ পিছত শিৱসাগৰ জিলা ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছে কটন কলেজত পঢ়ি জীৱন গঢ়িবলৈ যোৱা ৰঞ্জিত বৰপূজাৰী নামৰ এই ল’ৰাজন শ্বহীদ হ’ল, কিন্তু ভাষা আন্দোলনৰ এই প্ৰথম শ্বহীদজনৰ প্ৰতি আমাৰ কৰ্ত্তব্য মৃত্যু তিথিটোত শ্বহীদবেদীটোত ধূপ- চাকি জ্বলোৱাতে সীমাবদ্ধ হৈ থাকিল।
শ্বহীদ বৰপূজাৰীৰ মৃত্যুৰ ৬১ বছৰৰ পিছত শিৱসাগৰ ছাত্ৰ সন্থাই এটি আৱক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় শ্বহীদ উদ্যানত ছাত্ৰ সন্থাই আজি এই কথা ঘোষণা কৰে ৷ ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰ জিলা সাহিত্য সভাইয়ো পৰিয়ালৰ সহযোগত নিৰ্মাণ কৰিব আন এটা আৱক্ষ মূৰ্তি।
- Log in to post comments
- 27 views