যোগাযোগ বিচ্ছিন্ন ! উমানন্দত আবদ্ধ হৈ ৰৈছে ২ পুৰোহিতসহ ৫ ব্যক্তি

umananda_mandir

যোৱা পাঁচ চেপ্তেম্বৰত সংঘটিত  উত্তৰ গুৱাহাটীৰ ভয়াৱহ নাও দুৰ্ঘটনাৰ পাছত বহি: বিশ্বৰ সৈতে যোগাযোগ বিছিন্ন হৈছে উমানন্দ মন্দিৰ । আজি আঠটা দিনে চলা নাই উমানন্দ মন্দিৰলৈ এখনো ভটভটি ,ফেৰী । যাৰ ফলত আজি ৮দিনে মন্দিৰলৈ যোৱা নাই এজনো ভক্ত। ফলত এতিয়া  ব্ৰহ্মপুত্ৰৰ মাজত থকা পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপ উমানন্দ মন্দিৰত আবদ্ধ হৈ আছে ২জন পূজাৰীৰ সহ মুঠ ৫জন ব্যক্তি । উল্লেখযোগ্য যে পূৰ্বতে সৰু সৰু ভটভটি নাও আৰু সৰু সৰু ফেৰী সমূহ এই মন্দিৰলৈ চলাচল কৰিছিল ।

কিন্তু যোৱা শিক্ষক দিৱসৰ দিনা উত্তৰ গুৱাহাটীত সংঘটিত হোৱা ভয়াবহ নাও দুৰ্ঘটনাৰ পাছত প্ৰশাসনে বন্ধ কৰি থৈছে এই নাওঁ, ফেৰীসমূহৰ চলাচল । তাৰ ফলত এতিয়া বহি: বিশ্বৰ সৈতে যোগাযোগ বিছিন্ন হৈ উমানন্দ মন্দিৰত নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে। মন্দিৰত আবদ্ধ হৈ থকা পূজাৰী দুজন  হৈছে ৰাতুল শৰ্মা আৰু গজেন শৰ্মা । মন্দিৰত আবদ্ধ হৈ থকা পুৰোহিতসকলৰ তীব্ৰ খাদ্য নাটনি হৈছে বুলিও জানিব পৰা গৈছে ।

ইফালে আকৌ মন্দিৰৰ পূজাৰ বাবে প্ৰয়োজনীয় ফুল, ফল,নৈবেদ্যৰো অভাৱ হোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে বহু ভক্তপ্ৰাণ ৰাইজ উমানন্দ মন্দিৰলৈ যাবলৈ আহি যাতায়ত ব্যৱস্থা বন্ধ কৰি থোৱা বাবে দুখ মনেৰে উভতি যাব লগাও হৈছে । ইফালে প্ৰশাসনৰ ফালৰপৰা মন্দিৰত আবদ্ধ হৈ থকা ব্যক্তি সকলৰ কোনো খা-খবৰ নোলোৱাৰো অভিযোগ উত্থাপিত হৈছে ।

Your Comments