হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতম মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যাংকন প্ৰতিবেদনৰ ৫নং দফা সন্দৰ্ভত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। শিক্ষা বিভাগৰ উক্ত দফা বাতিল কৰাৰ দাবীত দল সংগঠন, শিক্ষাৰ্থী, অভিভাৱকৰ বিৰোধিতা অব্যাহত থকাৰ সময়তে বিষয়টোৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বিৰোধিতাক আওকাণ কৰি পেগুৰ ঘোষণা- একাংশই অপপ্ৰচাৰ চলাইছে ছাত্ৰ-ছাত্ৰীৰ মাজত। শিক্ষাৰ্থী, অভিভাৱকৰ মাজত সৃষ্টি কৰিছে বিভ্ৰান্তি।
ছাত্ৰ-ছাত্ৰীৰ মূল্যবান সময় নষ্ট নকৰাৰ স্বাৰ্থত অতিমাৰীৰ ফলত এই মূল্যায়ন পদ্ধতি গ্ৰহণ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰিছে পেগুৱে।
সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত নিজৰ স্থিতিত অটল থাকি তেওঁ কয়- ৰাজ্য চৰকাৰৰ যিসমূহ চাকৰিৰ বাবে যোগ্যতা নিৰূপণৰ বাবে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰ ধৰা হয়, তাৰ বাবেহে বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। কিছু আইনী বাধ্য বাধকতাৰ আশংকা কৰি এই পন্থা অৱলম্বন কৰা বুলি লগতে কয়।
ইফালে ছাত্ৰ-ছাত্ৰীসকলক অপ- প্ৰচাৰত বিচলিত নহ'বলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।
তাৎপৰ্যপূৰ্ণ কথা যে, আইনী বাধ্য-বাধকতাৰ বাবে যদি ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিবলৈ বিশেষ পৰীক্ষাত অৱৰ্তীন হ'ব লাগে। তেন্তে বৰ্তমান প্ৰদান কৰিব লগা প্ৰমাণপত্ৰৰ বৈধতা ক’ত থাকিব। আইনী বাধ্য- বাধকতাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়াৰ সলনি চৰকাৰী ভাৱে আইনী বাধ্য- বাধকতাৰ পৰা মুক্ত কৰাটো শিক্ষা বিভাগৰ প্ৰথম দায়িত্ব।
- Log in to post comments
- 20 views