গৌৰৱ গগৈৰ ভাষ্য - চৰকাৰৰ সদিচ্ছা থকা হ’লে পৰীক্ষা নিৰ্বাচনৰ আগতেই অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন

Gaurav Gogoi

শেহতীয়াকৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক লৈ ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে । কলিয়াবৰত উপস্থিত হৈ সাংসদগৰাকীয়ে মন্তব্য কৰে যে - “চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা হ’লে নিৰ্বাচনৰ আগতে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন”৷ কিছুমান ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পাছতো পৰীক্ষা সময়মতে অনুষ্ঠিত কৰিব কিন্তু অসমত কিয় নোৱাৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি সাংসদগৰাকীয়ে এইবুলি কয় যে- “ছাত্ৰ-ছাত্ৰী সকলক চৰকাৰে যিদৰে আস্থা দিব লাগিছিল দিব পৰা নাই।”

ইয়াৰোপৰি অখিল গগৈ জে’লৰ পৰা ওলাই অহাৰ কথাত সন্তোষ প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে ৷ মৰিয়নী সমষ্টিৰ উপ নিৰ্বাচনৰ কথা উল্লেখ কৰি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মতক গুৰুত্ব প্ৰদান কৰাৰ কথা উনুকিয়াই শ্ৰী গগৈয়ে ৷ 

ক’ভিড পৰিস্থিতিৰ সময়ত সন্মুখৰ পৰা যুঁজ দি অহা চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে কলিয়াবৰত চিকিৎসা কৰ্মী সকলৰ কাষত আহি উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। উপস্থিত হৈ চিকিৎসক ও চিকিৎসাকৰ্মী সকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰাৰ লগতে চিকিৎসা কৰ্মীসকলক চিকিৎসাৰ লগত জড়িত কিছুমান সামগ্ৰী বিতৰণ কৰে শ্ৰী গগৈয়ে।

ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি সাংসদ গৰাকীয়ে সমালোচনা কৰে।

Your Comments