কাৰাগাৰৰপৰা মুকলি হৈ শুক্ৰবাৰে নিজ সমষ্টি শিৱসাগৰলৈ যোৱাৰ পথত কাজিৰঙাস্থিত অখিল গগৈৰ কষ্টৰ ফচল, বহুজন অসমীয়াৰ দুবেলা দুসাজ ভাতৰ থল অৰ্কিড উদ্যানত সোমাই যোৱাৰ কথা আছিল অখিল গগৈৰ। পিছে তাৰ বাবে অনুমতি নাপালে নতুন বিধায়কজনে ৷
উল্লেখ্য যে, বৰ্ধিত হাৰত ক’ৰ’না সংক্ৰমণৰ বাবে বোকাখাত মহকুমা কণ্টেইমেন জ’ন ঘোষিত হৈ থকাৰ ফলত বোকাখাত মহকুমা প্ৰশাসনে ল’লে এই সিদ্ধান্ত ৷ প্ৰশাসনৰ সিদ্ধান্তক আদৰণি জনালে বিধায়ক অখিল গগৈয়ে। অৰ্কিড উদ্যানখনৰ কৰ্মচাৰী সকলে ৰাজপথতে সম্বৰ্ধনা জ্ঞাপন কৰিলে প্ৰিয় নেতা গৰাকীক।
- Log in to post comments
- 129 views
