মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ ৰাজ্যিক কেবিনেট বৈঠকত ৷ এই বৈঠকত লোৱা হৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
উল্লেখ্য যে, উক্ত বৈঠকতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকালৈ আগবঢ়োৱা হৈছে কেবিনেট মৰ্যাদা। ইয়াৰোপৰি কেবিনেটে তথ্য প্রযুক্তি বিভাগক ছাত্ৰ-ছাত্ৰীৰ অন্লাইন ক্লাছৰ সুবিধা হোৱাকৈ ৰাজ্যৰ চুকে-কোণে ম’বাইল টাৱাৰ স্থাপনৰ দায়িত্ব প্রদান কৰিছে ।
গুৰুত্বপূৰ্ণ কথা যে, আৰক্ষী কনিষ্টবলৰপৰা আৰম্ভ কৰি উপ-পৰিদৰ্শকলৈকে সকলোকে এমাহৰ বাধ্যতামূলক ছুটিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই কেবিনেট বৈঠকত । ইয়াৰোপৰি পৰিয়াল লগতে থকা আৰক্ষীসকলক অতিৰিক্তভাৱে ১০ দিনৰ ছুটি দিয়া হ’ব।
এই বৈঠকত সুলভ মূল্যৰ দোকানৰ দোকানক প্রতি কুইণ্টল চাউলৰ বাবদ ১৪৩ টকাৰ কমিচন দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে সমবায় সমিতি সমূহকো প্রতি কুইণ্টল চাউলৰ বাবদ ১৪৩ টকা কমিচন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে ৷ লগতে ৰাজ্যৰ প্রতিখন সমবায় সমিতিলৈ আগবঢ়োৱা হৈছে ৫ লাখ টকাকৈ অনুমোদন আৰু পৰিবহণৰ বাবে সমবায় সমিতিসমূহক অগ্রাধিকাৰ দিয়া হ’ব।
কেবিনেটৰ এই সিদ্ধান্ত সমূহক কাৰ্যকৰী কৰিবলৈ তিনিগৰাকী মন্ত্রী ক্ৰমে মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা আৰু ৰণুজ পেগুক দায়িত্ব প্ৰদান কৰিছে কেবিনেটে ৷
- Log in to post comments
- 36 views