বক্র পথেৰে চাকৰি লোৱাৰ গুৰুতৰ অভিযোগত ৰাজ্যৰ আগশাৰীৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰপৰা তিনি কৰ্মচাৰীক বৰ্খাস্ত। যোৰহাটস্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত কৰ্মৰত তিনিগৰাকী কৰ্মচাৰীক সোমবাৰে বৰ্খাস্ত কৰা হয়।
উল্লেখ্য যে কৰ্মচাৰী কেইগৰাকীয়ে অবৈধ ভাৱে নিযুক্তি লোৱাৰ গুৰুতৰ অভিযোগৰ ভিত্তিত অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ে কৰ্মচাৰী কেইগৰাকীক বৰ্খাস্ত কৰাৰ নিৰ্দেশ জাৰি কৰে।
বৰ্খাস্ত হোৱা মহিলা কৰ্মচাৰী তিনি গৰাকী ক্ৰমে- অজন্তা দত্ত, বিদ্যাৰ্থী বৰা আৰু নৱনীতা বৰঠাকুৰ। কৰ্মচাৰী কেইগৰাকীয়ে ২০১৭ চনত চাকৰিত যোগদান কৰিছিল।
- Log in to post comments
- 57 views