দীঘলীপুখুৰীত অস্বাভাৱিক হাৰত মাছৰ মৃত্যু। প্ৰকাণ্ড প্ৰকাণ্ড মাছৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে দেওবাৰে পুৱা। উল্লেখ্য ২টা বছৰৰ পূর্বেও এইদৰে পুখুৰীটোত মৃত্যু হৈছিল মাছৰ।
গুৰুত্বপূৰ্ণ কথা যে, গুৱাহাটী পৰ্যটনৰ অন্যতম কেন্দ্ৰ দীঘলীপুখুৰীত যোৱা ৪বছৰে পানীৰ গুনাগুণ পৰীক্ষা নকৰাৰো অভিযোগ উত্থাপন হৈছে ।
প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড আৰু পৰ্যটন বিভাগৰ অত্যন্ত হেমাহিৰ বাবেই মস্য কুলৰ অস্বাভাৱিক মৃত্যু হোৱা বুলি সন্দেহ কৰিছে সচেতন নাগৰিকে।
আনহাতে, সন্দেহ কৰা হৈছে কোনো দুষ্কৃতিকাৰীয়ে বিহ ঢালি মাছসমূহ নিধন কৰা বুলিও।
বিভিন্ন প্ৰজাতিৰ মাছৰ মৃত্যুৱে ব্যথিত কৰি তুলিছে সচেতন জনতাক।
ইফালে চাফ-চিকুণতাৰ অভাৱত পুখুৰীটোৰ পানীৰপৰা কদৰ্যময় দুৰ্গন্ধও বিয়পি পৰিছে।
সমগ্ৰ ঘটনা কিহৰ বাবে সংঘটিত হৈছে পৰীক্ষাৰ অন্তত পোহৰলৈ আহিব।
- Log in to post comments
- 16 views