জিলা ভিত্তিত সোমবাৰৰপৰা সলনি হ'ব ক’ভিড নীতি- নিৰ্দেশনা, পঢ়ি জানি লওক

covid situation

সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ’ব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা। পুৱা ৫বজাৰপৰা সমগ্ৰ ৰাজ্যত জিলা ভিত্তিক বেলেগ বেলেগ হ'ব নিয়ম। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে তিনিটা ভাগত জিলাসমূহক বিভক্ত কৰি নীতি-নিৰ্দেশনা জাৰি কৰিছে। শেহতীয়া ৭ দিনৰ আক্রান্ত হাৰৰ ওপৰত ভিত্তি কৰি জিলাসমূহক বিভক্ত কৰা হৈছে।

Notice

সৰ্বাধিক আক্রান্ত জিলা মৰিগাঁও, বিশ্বনাথ, গোৱালপাৰা জিলা, বোকাখাট মহকুমা (গোলাঘাট জিলা)। 

মধ্যমীয়া বা মজলীয়া আক্রান্ত ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ(গ্ৰা), দৰং, শোণিতপুৰ, নগাঁও, হোজাই, গোলাঘাট আৰু সৰুপথাৰ মহকুমা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, কাছাৰ, ধেমাজী, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলা।

আক্রান্তৰ হাৰ হ্ৰাস পোৱা অৰ্থাৎ ক’ভিড পৰিস্থিতি উন্নত হৈছে- কামৰূপ(ম), দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, দক্ষিণ কাৰ্বি আংলং,  ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি।

নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি সৰ্বাধিক আক্রান্ত জিলাসমূহত সম্পূৰ্ণ বন্ধ, মজলীয়া আক্রান্ত জিলাসমূহত দিনৰ ২বজাৰ পৰা পুৱা ৫বজালৈ আৰু আক্রান্তৰ হাৰ হ্ৰাস পোৱা জিলাত বিয়লি ৫বজাৰ পৰা পুৱা ৫বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন।

সৰ্বাধিক আক্রান্ত জিলাত কৰ্মস্থলী, ব্যৱসায়-বাণিজ্য, দোকান-পোহৰ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব। মজলীয়া আক্রান্ত জিলাত দিনৰ ১বজালৈ আৰু আক্রান্ত হ্ৰাস পোৱা জিলাত ৪বজালৈ মুকলি থাকিব।

অত্যাৱশ্যকীয় সামগ্ৰী, গ্ৰছাৰী, ফলমূল-শাক-পাচলি, গাখীৰ, জীৱ-জন্তুৰ খাদ্যৰ বিপনী সন্ধিয়া ৫ বজালৈ সৰ্বাধিক আক্রান্ত জিলাত মুকলি থাকিব। ইয়াৰ বিপৰীতে মজিলীয়া আক্রান্ত জিলাত ১বজা, আক্রান্ত হ্রাস পোৱা জিলাত বিয়লি ৪বজালৈ মুকলি থাকিব।

অধিক আক্রান্ত জিলাৰ বাহিৰে অন্য জিলাত ক’ভিড ভেক্‌চিন লোৱা  চৰকাৰী কৰ্মচাৰীসকল কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।

চৰকাৰী কৰ্মচাৰীয়ে কোনো বাধা নোহোৱাকৈ চলা ফুৰা কৰিব পাৰিব কাৰ্যালয়ৰ কামত।

ৰাজহুৱা-ব্যক্তিগত বাহন চলাচল সম্পূৰ্ণ বন্ধ থাকিব সৰ্বাধিক আক্রান্ত জিলাত।

আন্তঃজিলা যাতায়ত সেৱা বন্ধ থাকিব। জিলাৰ ভিতৰৰ পৰিবহণ ৫০% যাত্ৰীৰ উপস্থিতিৰ সৈতে চলাচল কৰিব।

যুগ্ম-অযুগ্ম ব্যৱস্থাৰে চলাচল কৰিব বাহন।

Your Comments