প'ষ্ট ক'ভিড জটিলতাত ভোগি চিকিৎসাধীন হৈ আছে এজনী তেৰ বছৰীয়া কণমানি ছোৱালী ৷ ছোৱালী জনীৰ নাম ভণীতা বড়ো। পিতৃ লক্ষী ৰাম বড়ো গুৱাহাটীৰে এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ বাছ চালক ৷ বৰ্তমান পৰিৱেশৰ বাবে বিদ্যালয় বন্ধ হৈ থকাত যোৱা দুমাহ ধৰি বেতনো পোৱা নাই ভণীতাৰ পিতৃয়ে ৷
ভণীতা হঠাৎ অসুস্থ হৈ পৰাত পিতৃয়ে কেইবাখনো চিকিৎসালয়ত খবৰ কৰিও চিট নাপায় এখন ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰত ভৰ্তি কৰে ৷ লগে লগেই অসুস্থ ভণীতাক আইচিইউত ভৰোৱা হয় ৷ চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসক ড.ৰাস্না হাজৰিকাই চিকিৎসা আগবঢ়াইছে ভণীতাক ।
ভণীতাৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে প্ৰায় ৭ লাখ টকা । ভণীতাৰ পিতৃৰ বাবে ইমান টকাৰ চিকিৎসা ব্যয় বহণ কৰা সম্ভৱ নহয় । এতিয়ালৈকে বিভিন্ন জনৰ সহযোগিতাত প্ৰায় ডেৰ লাখ টকা জমা হৈছে যদিও আৰু টকাৰ প্ৰয়োজন চিকিৎসাৰ বাবে। কণমানি ছোৱালীজনীক এতিয়া সকলোৰে সহায়ৰ প্ৰয়োজন।
ছোৱালীজনীৰ চিকিৎসাৰ বাবে অৰিহণা আগবঢ়াব খুজিলে “ A/C no. 30390110010051 , IFSC-UCBA0003039 , Lakhara Branch, Guwahati . A/C holder name- Lakhi Ram Boro ” এই একাউণ্টত দিব পাৰিব ৷
- Log in to post comments
- 42 views