সোমবাৰৰপৰা ৰাজ্যত নতুন ক’ভিড নিৰ্দেশনা জাৰি, পঢ়ি জানি লওক

Keshab Mahanta

ক'ৰ’না প্ৰতিৰোধৰ বাবে সোমবাৰৰ পৰা ৰাজ্যত নতুন ক’ভিড নিৰ্দেশনা প্ৰযোজ্য হ’ব । এক সপ্তাহৰ বাবে প্ৰযোজ্য হোৱাকৈ নতুন নিৰ্দেশনা সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। উল্লেখ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্ত সকলৰ সৈতে ১ঘন্টা জোৰা বৈঠকত মিলিত হোৱাৰ অন্তত নতুন নিৰ্দেশনা জাৰি কৰে ৰাজ্য চৰকাৰে।

সমগ্ৰ ৰাজ্যত ১০জনৰো অধিক আক্রান্ত হোৱা মুঠ ২৪৭টা অঞ্চলক ক'ৰ’না হটস্পট হিচাপে চিহ্নিত কৰিছে চৰকাৰে।উক্ত অঞ্চলক সম্পূৰ্ণ কন্টেইনমেণ্ট জ’ন ঘোষণা কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে । 

আনহাতে সমগ্ৰ ৰাজ্যত ১০জনতকৈ কম লোক আক্রান্ত হোৱা অঞ্চল আছে ৪৫৮১টা। উক্ত অঞ্চলত চোকা দৃষ্টি ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

চাৰিখন জিলা বিশ্বনাথ, গোৱালপাৰা, মৰিগাঁও আৰু গোলাঘাটত বৃদ্ধি হৈছে সংক্ৰমণ। ফলত সোমবাৰে পুৱাৰ পৰা বিশ্বনাথ, মৰিগাঁও আৰু গোৱালপাৰা জিলাত এক সপ্তাহৰ সম্পূৰ্ণ কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে। ইয়াৰোপৰি গোলাঘাট জিলাৰ কেৱল বোকাখাট মহকুমাত সম্পূৰ্ণ কন্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

উল্লেখ্য, সম্পূৰ্ণ কন্টেইনমেন্ট জ’নত অত্যাৱশ্যকীয় সেৱা , গ্ৰচাৰী শ্বপ আবেলি ৫বজালৈ মুকলি থাকিব। সংবাদমেলত কয় স্বাস্থ্যমন্ত্ৰী জনে।

আনহাতে কামৰূপ(ম)ত শিথিল কৰা হৈছে সান্ধ্য আইন।জিলা খনত ৩ বজালৈকে দোকান-পোহৰ সকলো মুকলি ৰাখিব পাৰিব। ৪বজাৰপৰা সান্ধ্য আইন প্ৰযোজ্য হ’ব জিলাখনত।


একেদৰে হাইলাকান্দি জিলাত ৪বজালৈকে সকলো খোলা থাকিব আৰু ৫বজাৰপৰা সান্ধ্য আইন কাৰ্যকৰী হ’ব। বাকী জিলাসমূহত বৰ্তমান চলি থকা নিয়ম বাহাল থাকিব।

আন্তঃজিলা যাতায়ত বন্ধ থাকিব। নিৰ্দেশনা সমূহ কঠোৰ ভাৱে কাৰ্যকৰী কৰিবলৈ আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।


দুটা ভেক্‌চিন গ্ৰহণ কৰা সকলে বিমানবন্দৰ আৰু ৰেল ষ্টেচনত ক’ভিড টেষ্ট কৰিব নালাগে। এটা ভেক্‌চিন গ্ৰহণ কৰা কৰ্মচাৰী সকলক কাৰ্যালয়লৈ অহাৰ আহ্বান স্বাস্থ্য বিভাগৰ। অৱশ্যে গৰ্ভৱতী মহিলা কৰ্মচাৰী আৰু ৫বছৰৰ তলৰ সন্তানৰ মাতৃ সকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

Your Comments