হিমন্ত চৰকাৰৰ ষষ্ঠখন কেবিনেট বৈঠক ২৪জুন তাৰিখে অনুষ্ঠিত হয় জনতা ভৱনত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।বৃহস্পতিবাৰৰ কেবিনেট বৈঠকে গৃহৰক্ষী জোৱান বৰসিং বে’ক চিপাহী নিযুক্তিত অনুমোদন জনায়।১২কোটি টকাৰ ড্ৰাগছ জব্দ কৰা গৃহৰক্ষী জোৱান জনক ২৪জুনৰ পৰাই কাৰ্যকৰী হোৱাকৈ চিপাহীৰূপে নিযুক্তি দিয়া হয়।
ইফালে কেবিনেট বৈঠকখনত দুটাকৈ প্ৰশাসনিক সংস্কাৰ কৰা হৈছে।এলএচি ব’র্ডে অনুমোদন কৰা চৰকাৰী অনুষ্ঠানলৈ ভূমি গাওঁ অঞ্চলত এতিয়াৰপৰা জিলা উপায়ুক্তই পোনপটীয়াকৈ আৱণ্টন দিব পাৰিব। ৰাজহ বিভাগত অনুমোদনৰ প্ৰয়োজন নহ’ব।
একেদৰে হাতী মানুহৰ সংঘাতত নিহত পৰিয়ালক ডি.এফ.অ’য়ে এতিয়া পৰা পোনপতীয়া ভাৱে চৰকাৰী সাহায্য প্ৰদান কৰিব পাৰিব।
আনহাতে অইল ইণ্ডিয়া- অ’এনজিচি, অন্যান্য কোম্পানীসমূহে ভূমি অধিগ্ৰহণ কৰোতে এতিয়াৰপৰা দিব লাগিব নূন্যতম মাটিৰ মূল্য। কেবিনেটে নিৰ্ধাৰণ কৰিছে চহৰৰ পৰা ১০ কিঃমিঃ ভিতৰৰ মাটিৰ ন্যূনতম মূল্য ১২ লাখ টকা। চহৰৰ পৰা বাহিৰৰ ১২কিঃমিঃ অৰ্থাৎ গাঁও অঞ্চলত ১০ লাখ টকা প্ৰতি বিঘা ভূমিত নূন্যতম মূল্য দিব লাগিব। উল্লেখ্য ভূমিৰ গৰাকীয়ে যাতে উচিত মূল্য লাভ কৰে তাৰ বাবে কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্ত্ৰী পিযুষ হাজৰিকাই কয়।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ সন্দৰ্ভত ঘোষণা কৰা সিদ্ধান্তত কেবিনেটে অনুমোদন জনায়।
- Log in to post comments
- 30 views