মাদাৰ অল্ড এজ হোমৰ সমস্যা শীঘ্ৰে সমাধান হ'ব- মন্ত্ৰী অজন্তা নেওগ

Mother oldage home case

মুখ্যমন্ত্ৰীৰ নির্দেশৰ পিছতে গুৱাহাটী মাদাৰ অল্ড এজ হোমত উপস্থিত হ’ল সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগ ।বৃদ্ধাশ্ৰমখনৰ পৰিচালক উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ শেহতীয়া বিবাদৰ  সবিশেষ বুজ ল’লে মন্ত্ৰী গৰাকীয়ে।  

যোৱা তিনিদিন ধৰি বৃদ্ধাশ্ৰমখনত সংঘটিত হৈ থকা ঘটনাত মুখ্যমন্ত্ৰী উদ্বিগ্ন হোৱা বুলি জানিবলৈ দিয়ে নেওগে কয়- “কিছু সমস্যা উদ্ভৱ হৈছে সমাধান হ’ব। আশ্ৰমখনৰ আৱাসী সকলক ভালকৈ চোৱা-চিতা কৰাৰ দায়িত্ব সকলোৰে আছে। সমাজ কল্যান বিভাগৰো আছে ইয়াৰ দায়িত্ব। বিভাগৰ মন্ত্ৰী হিচাপে সাময়িক ভাৱে বৃদ্ধাশ্ৰমখনত উদ্ভৱ হোৱা পৰিস্থিতি শীঘ্ৰে নাইকিয়া কৰা হ'ব।"

যি হ’ল হৈ গ'ল আৰু বৃদ্ধাশ্ৰমখনৰ পৰা যাতে এনেধৰণৰ বাৰ্তা পুনৰ নাযায় তাৰ বাবে মণিকা-উৎপলক আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।

বৃদ্ধাসকলৰ শাৰীৰিক পৰিস্থিতিৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সমাজ কল্যান মন্ত্ৰী হিচাপে বৃদ্ধাশ্ৰম খনৰ ওপৰত নজৰ থাকিব- নেওগে কয়।

Your Comments