ড্ৰাগছ সৰবৰাহকাৰীয়ে টকাৰ লোভ দেখুৱায়ো সততাক ক্ৰয় কৰিব নোৱাৰা গৃহৰক্ষী জোৱান বৰসিং বে'ক অসম আৰক্ষীৰ চিপাহীৰূপে নিযুক্তি দিয়াৰ সিদ্ধান্ত।অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই গৃহৰক্ষী জোৱান বে’ক চিপাহীৰূপে নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে। লগতে মহন্তই কয় মুখ্যমন্ত্ৰীয়ে গুৰুত্বসহকাৰে লৈছে বিষয়টো।
আনহাতে বিশেষ খবৰ অনুসৰি আজিয়েই আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি চিপাহীৰূপে বৰসিং বে’ক নিযুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখ্য ১২কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰি সততাৰ পৰিচয় দিছিল গৃহৰক্ষী জোৱানজনে।বুধবাৰে অসম আৰক্ষীয়ে ১লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰিছিল বে’ক।
- Log in to post comments
- 11 views