শক্তিখণ্ডৰ ঘাটি ব্যয় প্ৰতিৰোধৰ লক্ষ্যৰে শক্তি বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনামূলক বৈঠক

HBS

এপিডিচিএলৰ সংস্কাৰ সাধনেৰে বিভাগটোৰ ঘাটি ৰাজহ স্বাভাৱিক অৱস্থালৈ ঘুৰাই অনাৰ প্ৰয়াস ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। বিজুলী ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এপিডিচিএলৰ শীর্ষ বিষয়াসকলৰ সৈতে সোমবাৰে মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত। বিভাগটোৰ  পৰ্যালোচনামূলক সভাত অংশগ্ৰহণ কৰি  মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জনাই যে- 'বৈঠকত তিনিওটা শক্তিখণ্ডৰ হেৰুওৱা ৰাজহ ঘুৰাই আনি সৰ্বসাধাৰণ জনতাক অধিক বিদ্যুৎ মাচুলৰ পৰা ৰেহাই দিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয়' ৷

'বিদ্যুৎ মাচুল নিৰ্ধাৰণ হয় ব'ৰ্ডৰ আয়-ব্যয়ৰ ভিত্তিত। কোনো গ্ৰাহকে বিদ্যুতৰ বিল নিদিলে ইয়াৰ বোজা ব’ৰ্ডে সৰ্বসাধাৰণ ৰাইজলৈ ঠেলি দিয়ে। অৰ্থাৎ চুৰি বিদ্যুৎ, পৰিশোধ নকৰা মাচুলৰ ভাৰ সাধাৰণ গ্ৰাহকসকলৰ কান্ধত পৰে'- মুখ্যমন্ত্ৰীয়ে কয়।

'শক্তি বিভাগে যিমান বিদ্যুৎ ৰাজ্য খনত গ্ৰাহকক যোগান ধৰে তাৰ বিপৰীতে প্ৰতি মাহত ৩০০কোটি টকা লোকচানত ৰাজহ লাভ কৰে বিভাগে' - মুখ্যমন্ত্ৰী শৰ্মাই কয়। কিছু অঞ্চলত ব'ৰ্ডে ব্যৱহাৰিক কাৰণত ৰাজহ সংগ্ৰহ কৰিব নোৱাৰে। বিশেষকৈ চৰ- চাপৰি, পাহাৰৰ মাজত অৱস্থিত আদি অঞ্চলত। কিন্তু এইসমূহ বাদ দিলেও এক বুজন পৰিমাণৰ বিল পৰিশোধ নকৰা বা বিদ্যুৎ চুৰি কৰাৰ প্রাৰম্ভিক তথ্য দেখা পোৱা বুলিও ডঃ শৰ্মাই কয়।

কোম্পানী সমূহৰ বিদ্যুৎ ব্যয়ৰ প্ৰকৃত তথ্য লাভ কৰাৰ সন্দৰ্ভত বৈঠকখনত আলোচনা কৰা হয়। সেই মতে কোম্পানীৰ জিএছটি মাচুলৰ সৈতে বিদ্যুতৰ মাচুলৰ ভৰসাম্য পৰ্যবেক্ষণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে মঙ্গলবাৰে গুজৰাটৰ শক্তি বিভাগে ৰাজ্যৰ শক্তি খণ্ডক বিদ্যুতৰ ঘাটি ব্যয় প্ৰতিৰোধ সন্দৰ্ভত এখন প্ৰেজেণ্টেচন আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

বিজুলী ভৱনৰ বৈঠকখনত উপস্থিত থাকে শক্তিমন্ত্ৰী বিমল বৰা প্ৰমুখ্যে বিভাগৰ শীর্ষ বিষয়া সকল।

Your Comments