ৰাজ্যত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ লগে লগে আৰম্ভ হৈছে আন্লক প্ৰক্ৰিয়া ৷ আন্লক-১ ৰ পিছত এইবাৰ আহি আছে আনল’ক-২। ৰাজ্য চৰকাৰে ১৬ জুনৰপৰা হ’ব এই আন্লক প্ৰক্ৰিয়াত ৰাজ্যৰ ৫খন জিলাত শিথিল কৰিব সান্ধ্য আইন। জানিব পৰা অনুসৰি, ১৪ জুনত ঘোষণা কৰা হ’ব আন্লকৰ নতুন নীতি-নিৰ্দেশনা ।
খবৰ অনুসৰি, ৫খন জিলা ক্ৰমে কামৰূপ(ম), মাজুলী, চিৰাং, দক্ষিণ শালমাৰা, পশ্চিম কাৰ্বি আংলং জিলাত সান্ধ্য আইন শিথিল কৰাৰ সম্ভাৱনা আছে। নতুন এছ অ’ পি মতে এই ৫খন জিলাত পূৰ্বৰ ১২ বজাত দোকান-পোহাৰ বন্ধৰ নিৰ্দেশনা সলনি আবেলি ৩ বজাত দোকান-পোহাৰ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিব ৰাজ্য চৰকাৰে আৰু ইয়াৰ বিপৰীতে সান্ধ্য আইন জাৰি হ’ব আবেলি ৪বজাৰ পৰা ৷ বাকী ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা বা বৃদ্ধিৰ আশংকা থকা ১২খন জিলাত দিনৰ ১২ বজাত দোকান-পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হ’ব আৰু ১ বজাৰ পৰা সান্ধ্য আইন ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত সোমবাৰে নতুন এছ অ’ পি প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে ৷
- Log in to post comments
- 56 views