ৰাজ্যিক কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ চৰকাৰী নিৰ্দেশনা, পঢ়ি জানি লওক

Govt employees

ৰাজ্যিক কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিলে চৰকাৰে। সোমবাৰৰ পৰা কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিয়া হৈছে একাংশ কৰ্মচাৰীক। দুয়োটা ড’জ ভেক্‌চিন গ্ৰহণ কৰা ৰাজ্যিক কৰ্মচাৰীসকল সোমবাৰৰ পৰা নিয়মিত উপস্থিত থাকিব লাগিব কাৰ্যালয়ত । দেওবাৰে ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ বাবে জাৰি কৰিছে এই নিৰ্দেশনা।

Notice

উল্লেখ্য ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ বাবে বিগত প্ৰায় একমাহ ধৰি বন্ধ হৈ আছিল চৰকাৰী কাৰ্যালয়সমূহ।

আনহাতে ১৬জুনৰপৰা ৰাজ্যত ক’ভিড নিৰ্দেশনা শিথিল হ’ব। আক্রান্তৰ সংখ্যা হ্ৰাস পোৱা জিলাসমূহত অধিক শিথিল হ’ব নিৰ্দেশনা। তাৰ বাবে আজি প্ৰকাশ পাব ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা।

Your Comments