তিনিটা 'টি' লৈ ক'ভিডৰ বিৰুদ্ধে যুঁজ দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে- কেশৱ মহন্ত

Meeting

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীতো হ্ৰাস পাইছে ক’ভিড আক্রান্তৰ হাৰ। কামৰূপ(ম) জিলাৰ উপায়ুক্তৰ সৈতে ক’ভিড পৰ্যালোচনাৰ পিছত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। শীঘ্ৰে নিয়ন্ত্ৰণ হ’ব পৰিৱেশ।তিনিটা 'টি' লৈ সমগ্ৰ ৰাজ্যত স্বাস্থ্য বিভাগে ক’ভিডৰ বিৰুদ্ধে যুঁজিছে। টেষ্টিং, ট্রেছিং, ট্ৰিটমেণ্ট।

উল্লেখ্য কামৰূপ(ম) জিলাত ৬ লাখ ৬ হাজাৰ ভেক্‌চিন সম্পূৰ্ণ হৈছে। জিলাখনত ১০৯০ খন ক’ভিড কেয়াৰ চেণ্টাৰৰ বেড থকা বুলি তেওঁ জানিবলৈ দিয়ে।

ক’ভিডত আক্রান্ত হৈছিল জিলাখনত আক্রান্ত হৈছিল ৫১,৮৮৩ গৰাকী লোক আৰু ইয়াৰ বিপৰীতে মৃত্যুক আঁকোৱালি লয় ৭৪৮ জন লোকে। বৰ্তমান চিকিৎসাধীন হৈ আছে ২৮১৫জন লোক- উপায়ুক্ত  বিশ্বজিৎ পেগুৱে এই তথ্য অৱগত কৰে মন্ত্ৰী গৰাকীক।

আনহাতে ৰাজ্যত দৈনিক ৩ লাখ ক’ভিড ভেক্‌চিন দিবলৈ স্বাস্থ্য বিভাগ সাজু হৈছে। ২হাজাৰ টিম তাৰ বাবে সাজু কৰাৰ কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । ক’ভাক্সিনৰ দ্বিতীয়পালি ৰাজ্যত ১ লাখ ৯২ হাজাৰ লোকক প্ৰদান কৰিব লাগে বুলি লগতে তেওঁ কয়।

Your Comments