ক'ৰ’না আতংকৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আয়োজন কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। বিষয় আৰু নম্বৰ সংকুচিত কৰি অনুষ্ঠিত হ’ব পৰীক্ষা। দুৰ্যোগ ব্যৱস্থাপনা বিভাগে অনুষ্ঠিত কৰিব লগীয়া পৰীক্ষাত সহযোগ কৰিব স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগে।
১৫জুলাইৰ পৰা ২৫ জুলাইৰ ভিতৰত চাৰিটা বিষয়ৰ হ’ব পৰীক্ষা ৷ চাৰি দিনীয়াকৈ চাৰিটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব লগীয়া পৰীক্ষাত ২৫নম্বৰকৈ থাকিব প্ৰতিটো বিষয়ত।
মেট্ৰিক পৰীক্ষাত অসমীয়া আৰু ঐচ্ছিক বিষয়ৰ পৰীক্ষা নহ’ব। পৰীক্ষা হ’ব কেৱল ইংৰাজী, গণিত, সমাজ বিজ্ঞান আৰু বিজ্ঞান বিষয়ৰ।
প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক হ’ব প্ৰশ্ন কাকত।
আনহাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰতো প্ৰায় একেই হ’ব নিয়ম।
- Log in to post comments
- 11 views