উত্তৰ-পূব সীমান্ত ৰে'লৱেত ১০ জুনত আন্তৰ্জাতিক লেভেল ক্ৰছিং সজাগতা দিৱস পালন কৰা হয় । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া মনোজ কুমাৰ আগৰৱালাৰ নেতৃত্বত পালন কৰা দিৱসৰ কাৰ্যসূচীত সুৰক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ৰেলৱেৰ লেভেল ক্ৰছিঙত যান-বাহনৰ চালকৰ মাজত ৰেল চলাচল কৰাৰ সময়ত লেভেল ক্ৰছিঙত গেট বন্ধ থাকিলে কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ক গোহাৰি-পত্ৰ বিতৰণ কৰে ।
আনহাতে, উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনস্পর্কৰক্ষী বিষয়া শুভানন চন্দই জানিবৰ দিয়া মতে সুৰক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ যত্নত বিগত ২০২০-২১ বৰ্ষত উত্তৰ-পূব সীমান্ত ৰে'লৱেত এটাও দুৰ্ঘটনা সংঘটিত হোৱা নাই ।
- Log in to post comments
- 9 views