শিশু শ্ৰমিক বিৰোধী বিশ্ব দিৱস আৰু আমি

Pic

--অনিৰ্বাণ গোস্বামী--

শিশু হ'ল পৃথিৱীত ভগৱানৰ এটি ৰূপ। পৃথিবীৰ সকলো অসুখ-অশান্তি,দুখ-কষ্ট যেন শিশুৰ এটি নিষ্পাপ হাঁহি,মুখৰ এষাৰি মাতত প্ৰশমিত হৈ যায়।এটি শিশুৰ উপস্থিতিয়ে এখন ঘৰক যেন সৰগ কৰি তোলে।প্ৰখ্যাত আমেৰিকান সমাজ সংস্কাৰক হেনৰী ৱাৰ্ড বিচাৰে শিশু সম্পর্কে কৈছিল-"Children are the hands by which we take hold of heaven" অৰ্থাৎ এগৰাকী শিশুৰ জড়িয়তে আমি সৰগীয় সুখৰ অনুভৱ কৰিব পাৰোঁ।আপাতত: অতীজৰে পৰা শিশুসকলে আমাৰ সমাজৰ মৰম-স্নেহ পাই আহিছে যদিও ইয়াৰ ব্যতিক্রম নথকা নহয়।দিনে দিনে আমাৰ সমাজত শিপাই যোৱা ভোগবাদী চিন্তা,দিনে দিনে বৃদ্ধি পাই অহা ধনী-দুখীয়াৰ মাজৰ ব্যৱধান আদিৰ বাবে বাধ্যত পৰি আজি বহুতো দৰিদ্ৰ পৰিয়ালত জন্মা শিশুৱে নিজৰ শৈশৱত পাব লগা যত্নৰ পৰা বঞ্চিত হৈ শ্রমিকৰ কাম কৰিব লগাত পৰিছে।ইয়াৰ বাবে শোষণ আৰু লাঞ্ছনাৰো সন্মুখীন হ'ব লগা হৈছে।সেয়েহে এই সমাজৰ মহাব্যাধি শিশু শ্ৰমিকৰ সমস্যাটোৰ অতি সোনকালে সমাধান কৰাৰ প্ৰয়োজন আহি পৰিছে।

আজি ১২ জুন।আন্তর্জাতিক শ্রমিক সংস্থা (আইএলঅ')ই ২০০২ চনৰ পৰা ১২ জুনৰ দিনটোত বিশ্বত শিশু শ্ৰমিক সমস্যাটোৰ নিৰ্মূলৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ শিশু শ্ৰমিক বিৰোধী বিশ্ব দিৱস অৰ্থাৎ World day against child labour হিচাপে পালন কৰি আহিছে।

ঠিক কেতিয়া শিশু শ্ৰমিক নিয়োগৰ কুব্যৱস্থা আৰম্ভ হৈছিল কোৱাতো কঠিন।কিন্তু মধ্যযুগত দাসত্বৰ বাবে মানৱ ব্যৱসায় আৰম্ভ হোৱাৰ সময়তে শিশুক শ্ৰমিক ৰূপে ব্যৱহাৰৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছিল বুলি উল্লেখ কৰিব পাৰি।১৭৬০ চনত ঔদ্যোগিক বিপ্লৱৰ 
আৰম্ভণিৰ লগে লগে কুখ্যাত ভিক্টোৰিয়া যুগতেই ইয়াৰ আৰম্ভণি হৈছিল বুলি বহুকেইগৰাকী বুৰঞ্জীবিদে ক'বলৈ বিচাৰে।গুৰুত্বপূৰ্ণ যে শিশু শ্ৰমিক নিয়ন্ত্ৰণৰ প্ৰথমখন আইন গৃহীত হৈছিল ব্ৰিটেইনত ১৮০৩ চনত।

বিশ্বত প্রায় ২০০ মিলিয়ন শিশু আজিৰ তাৰিখত প্রকৃত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে।তেওঁলোকৰ অধিকসংখ্যকেই শিশু শ্রমিক হিচাপে দুৰ্বিসহ জীৱন যাপন কৰিব লগীয়া হৈছে।প্রতি বছৰে ১২ জুন তাৰিখে বিভিন্ন দেশৰ চৰকাৰ,ব্যৱসায়িক সংস্থাসমূহ আৰু সমাজৰ সকলো স্তৰৰ লোকৰ মাজত শিশুৰ অধিকাৰ আৰু তেওঁলোকৰ প্রাপ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে চেষ্টা কৰি শিশু শ্ৰমিক ব্যৱস্থা নিৰ্মূল কৰিবলৈ চেষ্টা কৰা হয়।

২০১৫ চনত নিৰ্ধাৰণ কৰা সংহত উন্নয়ন লক্ষ্য(Sustainable Development Goals)ৰ মতে শিশু শ্ৰমিকৰ সমস্যাটোৰ প্রতি সজাগতা সৃষ্টি কৰি ২০২৫ চনৰ ভিতৰত ইয়াক সম্পূর্ণ নিৰ্মূল কৰিবলৈ অংগীকাৰবদ্ধ হোৱা হয়।

আজিৰ সময়ত আমি নিজেই এই কথাত পতিয়ন যাব পাৰিমনে যে বিশ্বৰ প্ৰতিগৰাকী শিশুৱেই প্ৰাপ্য শৈশৱ পাইছেনে?নিজৰ প্রাপ্য স্কুলীয়া শিক্ষা গ্ৰহণ কৰিবলৈ পাৰিছেনে?

আন্তর্জাতিক শ্রমিক সংস্থাৰ মতে যি কৰ্মই শিশুসকলক তেওঁলোকৰ প্ৰাপ্য শৈশৱৰ পৰা বঞ্চিত কৰে,তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশত বাধা জন্মাই, সেই কামসমূহ শিশু শ্রমৰ আওঁতাত পৰে। শিশু শ্রমিকসকল নিজৰ প্রাপ্য বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হয় নাইবা আদবয়সতে বিদ্যালয় এৰিবলৈ বাধ্য হয়। কিছু সময়ত স্কুলীয়া শিক্ষা আৰু কাম দুয়োটাই কৰিবলগীয়া হয়,যিয়ে তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্রস্ত কৰে। 

এক কথাত ক'বলৈ গ'লে শিশু শ্ৰমিক মানে হৈছে-"শিশুসকলক তেওঁলোকৰ শৈশৱৰ পৰা বঞ্চিত কৰা যিকোনো ধৰণৰ কামৰ জৰিয়তে শিশুৰ শোষণ।অৱশ্যে কিছুমান ব্যতিক্ৰমো নথকা নহয়--যদি কোনো শিশুৱে নিজৰ স্কুলীয়া শিক্ষাত প্রভাৱ নপৰাকৈ আৰু শাৰীৰিকভাৱে ক্ষতি নোহোৱাকৈ কিবা উপাৰ্জনৰ কাম কৰে বা নিজ অভিভাৱকৰ ব্যৱসায় আদিত সহায় কৰে বা শিশু শিল্পীৰ কাম কৰে,তেন্তে তেওঁক শিশু শ্রমিক হিচাপে গণ্য কৰা নহয়।তাৎপৰ্যপূৰ্ণ যে কিছুমান জাতিগত গোটৰ দ্বাৰা কৰা অনুশীলনো এই শিশু শ্ৰমিকৰ আওঁতালৈ নাহে।কিন্তু ভাৰতবৰ্ষত পিতৃ-মাতৃক খেতি পথাৰত কৰা সহায়ো শিশু শ্ৰমিকৰ অন্তৰ্ভুক্ত হোৱা যেনেই বোধগম্য হয়।

প্ৰতি বছৰে ১২ জুনত এই দিৱস উদযাপন কৰিবলৈ আইএলঅ'ই একো- একোটা বিষয়বস্তু বাচি লয়।
এই বছৰৰ World day against child labour-2021ৰ বিষয়বস্তু (theme) হ'ল
"এতিয়াই সক্ৰিয় হোৱা:শিশু শ্ৰমিকৰ সমস্যাটো নিৰ্মূল কৰা" Act now: End child labour।আৰু এই বিষয়বস্তুৰ লগত খাপ খুৱাই কিছু কাৰ্যক্ৰমণিকা নিৰ্ধাৰণ কৰা হৈছে,যেনে:
আইএলঅ' আৰু ইউনিচেফ(UNICEF)-এ বিভিন্ন দেশৰ ২০১৬-২০২০ চনৰ সময়ছোৱাৰ শিশু শ্ৰমিকৰ
সাম্প্রতিক তথ্য জুন মাহত প্রকাশ কৰিব। এই প্ৰতিবেদনত ক'ভিড মহামাৰীয়ে সৃষ্টি কৰা অৰ্থনৈতিক সংকটে শিশু শ্ৰমিক সমস্যাটো নিৰ্মূল কৰাত অনা প্ৰত্যাহ্বান সম্পর্কেও আলোচনা কৰা হ'ব।লগতে কাৰ্যৰূপায়ণৰ বাবে দায়বদ্ধতা-২০২১(Commitments to action- 2021)আগবঢ়াবলৈ বিভিন্ন ভাষাত ৱেবচাইটত প্রকাশ কৰা হ'ব।২০২০ চনত প্ৰকাশিত তথ্য অনুসৰি, বিশ্বত শিশু শ্ৰমিক হিচাপে প্ৰায় ১৫.২ কোটি শিশু কৰ্মৰত হৈ আছে।যাৰ ভিতৰত ভাৰততেই প্ৰায় আছে ৭.৩ শতাংশ।ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, অসমত শিশু শ্ৰমিকৰ সংখ্যা প্ৰায় ২.৮ লাখ আৰু এই ক্ষেত্ৰত দেশৰ ১৩ সংখ্যক স্থানত আছে।

শিশু শ্ৰমিক সমস্যাটোৰ নিৰ্মূল কৰাৰ উপায় একেবাৰে নথকা নহয়।তেনে কিছু উপায় হৈছে-- 

১.বিনামূলীয়া শিক্ষা:

বিনামূলীয়া শিক্ষা শিশু শ্ৰমিকৰ নিয়োগৰ সমস্যাটো নিৰ্মূল কৰাৰ এক প্ৰধান উপায়।যিসকল অভিভাৱকৰ আৰ্থিক অৱস্থা সুচল নহয়,তেওঁলোকে এই ব্যৱস্থাৰ জৰিয়তে নিজৰ সন্তানক শিক্ষাৰ পোহৰ দিব পাৰে।এইখিনিতে গুৰুত্বপূৰ্ণ যে বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা প্ৰৱৰ্তনৰ জড়িয়তেও আমাৰ দেশত পিছপৰা শ্ৰেণীৰ শিশুসকলক স্কুলীয়া শিক্ষা লাভৰ বাবে আগ্রহী কৰি তোলাৰ সফল প্রয়াস কৰা হৈছে। 

২. নৈতিক সজাগতা: 

শিশু শ্রমিক নিয়োগ কৰাতো নৈতিক আৰু আইনগতভাৱে গ্ৰহণযোগ্য নহয়। 
সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত এই সজাগতা সৃষ্টি কৰিও শিশু শ্ৰমিক সমস্যাটোৰ সমাধানৰ দিশত বাট বুলিব পাৰি।এই ক্ষেত্রত সমাজৰ শিক্ষিত শ্রেণীৰ লোকসকলৰ উপৰিও বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰো বিশেষ ভূমিকা আছে। 

৩.দৰিদ্ৰ লোকসকলৰ আৰ্থিক উন্নয়ন: 

দৰিদ্ৰ লোকসকলৰ আৰ্থিক আৰু শৈক্ষিক উৎকৰ্ষ সাধনৰ জড়িয়তেও শিশু শ্ৰমিক নিয়োগৰ সমস্যাটোৰ সমাধান কৰিব পাৰি।শিক্ষিত অভিভাৱকেহে নিজৰ শিশুৰ প্রাপ্য সম্মান আৰু অধিকাৰৰ বিষয়ে সজাগ হ'ব পাৰিব।

৪.কাৰিকৰী দক্ষতাৰ বিকাশ:

কাৰিকৰী দক্ষতাসম্পন্ন ব্যক্তিৰ প্ৰয়োজন বৃদ্ধিৰ জড়িয়তেও শিশু শ্ৰমিক  সমস্যাটোৰ সমাধান কৰিব পাৰি।শিশু শ্রমিকসকলৰ অধিকাংশই  দক্ষতাসম্পন্ন নহয়।যেতিয়াই ঔদ্যোগিক ক্ষেত্রত কাৰিকৰী দক্ষতাসম্পন্ন লোকৰ প্ৰয়োজন বৃদ্ধি হ'ব,তেতিয়াই শিশু শ্ৰমিকৰ প্ৰয়োজনো কমি আহিব।

দেশৰ অন্যান্য প্ৰান্তৰৰ লগতে অসমতো এতিয়া শিশু শ্ৰমিকৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে।যিটো অতি উদ্বেগজনক বিবেচিত হৈছে।
ভাৰতবৰ্ষত শিশু শ্ৰমিক নিয়োগ ৰোধ কৰিবৰ বাবে পাঁচখনকৈ আইন আছে।তথাপিও শিশু শ্ৰমিক নিয়োগৰ সমস্যাটোৰ ই অন্ত পেলাব পৰা নাই।অন্যান্য বহুতো সমস্যাৰ দৰে ই ভাৰত-অসমত চিহ্নিত হৈছে এটা গুৰুতৰ সামাজিক ব্যাধি হিচাপে।কাৰণ শোষিত আৰু শোষক দুয়ো একেখন সমাজ ব্যৱস্থাৰে অংশ।

যদি অলপ সুক্ষ্ম বিশ্লেষণ কৰি চোৱা যায়, দেখা পোৱা যাব যে এই সামাজিক ব্যাধিসমূহৰ মূল কাৰণ এটাই, মানৱীয়তাৰ অৱক্ষয়,সামাজিক মূল্যবোধৰ অৱক্ষয়। 
এই সামাজিক ব্যাধিক সমূলঞ্চে নিৰ্মূল কৰাৰ বাবে চৰকাৰে বলবৎ কৰা বিভিন্ন নিয়ম-কানুন অথবা বিভিন্ন আঁচনিয়ে যথেষ্টনে?নে আমাৰ  সকলোৰে কৰণীয় কিবা আছে?আহক,আমি সকলোৱে এখন সুস্থ সমাজ ওভতাই অনাৰ বাবে অংগীকাৰবদ্ধ হওঁ, য'ত মাথোঁ কোনো বিশেষ গোটৰ বাবে নহয়,বৰং সমগ্র মানৱ জাতিৰ বাবে,সমগ্ৰ জীৱকুলৰ বাবে আমি প্ৰতিজনেই সংবেদনশীল হওঁ,উৎকৰ্ষৰ কাৰক হওঁ আৰু এই ব্যাধিসমূহক সমূলঞ্চে নিৰ্মূল কৰোঁ।


*লেখক অভিযন্তা আৰু সামাজিক উদ্যোগী

Your Comments