এমহীয়া ৰাজ্য চৰকাৰৰ কৰ্ম খতিয়ান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা: আমছু-এআইইউদিএফলৈ পৰামৰ্শ

HBS

নৱগঠিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এটা মাহ সম্পূৰ্ণ হ’ল।এমহীয়া ৰাজ্য চৰকাৰৰ কৰ্ম খতিয়ান সংবাদ মেলযোগে অসমবাসীক অৱগত কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ক’ভিডত স্বামীক হেৰুৱা বিধৱা পত্নীৰ বাবে ২.৫০লাখ টকা এককালীন সাহায্য দিব চৰকাৰে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰপৰা প্ৰদান কৰিব এই বিশেষ সাহায্য। ইয়াৰ উপৰি বিধৱা পত্নী গৰাকীক অৰুনোদয়, বিধৱা পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব।খানাপাৰা অসম প্ৰশাসন পদাধিকাৰী মহাবিদ্যালয়ত ঘোষণা কৰে এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে।

চৰকাৰৰ সফলতা-বিফলতা ৩০ দিনত নিৰ্ধাৰণ নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- এমহীয়া কাৰ্যকালত ড্ৰাগছ প্ৰচলন- সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হয় চৰকাৰ ৷ ২৩ কোটি ৮০ লাখ ৫৪হাজাৰ ৭৪০ টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। ইয়াৰ লগত জড়িত প্ৰায় ৫০০ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অপৰাধী সকলৰ চার্জচিট যাতে সময়ত দিব পৰা যায় তাৰ বাবে ৰাজ্যত ৭টা নতুনকৈ ফৰেঞ্চিক পৰীক্ষাগাৰ স্থাপন কৰা হ’ব বুলিও কয়।

গৰু ব্যৱসায় সম্পূৰ্ণকৈ বন্ধ কৰিবলৈ জুলাইত অসম বিধানসভাত কঠোৰ আইন গৃহীত হোৱাৰ কথাও অৱগত কৰে মুখ্যমন্ত্ৰীয়ে।

সম্পূৰ্ণ লকডাউন নকৰাকৈ অসমে ক’ভিড নিয়ন্ত্ৰণলৈ অনাত সফল হৈছে। ক’ভিডৰ দ্ৰুত সংক্ৰমণ হোৱা জিলাত দ্ৰুতগতিত ভেক্‌চিন প্ৰদান কৰি থকা হৈছে। গুৱাহাটীৰ ৬লাখ নাগৰিকক ভেক্‌চিন প্ৰদান সম্পূৰ্ণ হৈছে। শিলচৰৰ প্ৰায় সকলো লোকে প্ৰথম পালি ভেক্‌চিন লাভ কৰিছে- ডঃ শৰ্মাই কয়।

প্ৰত্যেক মাহৰ ১০ তাৰিখে ৰাজ্যত চৰকাৰৰ ২৪ লাখ হিতাধিকাৰীয়ে আঁচনিৰ ধন লাভ কৰিব।

উচ্ছেদৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।মন্দিৰ বা বন বিভাগৰ মাটি দখল কৰিলে উচ্ছেদ কৰিবই লাগিব। আমছু- এআইইউডিএফে উচ্ছেদৰ বিৰুদ্ধে থিয় দিয়াতকৈ জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলাওক।মুছলমান মহিলাৰ মাজত শিক্ষাৰ প্ৰসাৰ বৃদ্ধি কৰিব লাগিব- ডঃ শৰ্মাই কয়।

আগন্তক দিনত বেয়া কামৰ পৰা আঁতৰি নিষ্ঠা-সততাৰে কাম কৰাৰ প্ৰয়াস কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

উল্লেখ্য সংবাদমেলত মন্ত্ৰী অতুল বৰা, মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী ইউজি ব্ৰহ্ম প্ৰমুখ্যে বহু কেইজন বিধায়ক উপস্থিত থাকে।

Your Comments