অনাথ শিশুৰ বাবে 'মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি' উদঘাটন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

HBS

ৰাজ্যৰ অনাথ শিশুৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিৰ শুভাৰম্ভণি। খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আঁচনিখনৰ শুভ উদঘাটন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পিতৃ-মাতৃ নথকা অনাথ শিশু, আত্মীয়ৰ ঘৰত থাকি ডাঙৰ দীঘল হোৱা শিশু সকলক সামৰি লৈছে উক্ত আঁচনিত।

ঘোষণাৰ ১০দিনৰ ভিতৰত কাৰ্যকৰী কৰা আঁচনিখনে অনাথ শিশুক ২৪ বছৰ বয়সলৈকে মাহে ৩৫০০টকাকৈ আগবঢ়াব। ইয়াৰ উপৰিও প্ৰতিজন শিশুৰ বাবে ৭ লাখ ৮১হাজাৰ ২০০ টকা ফিক্স ডিপ’জিত কৰিব ৰাজ্য চৰকাৰে। উক্ত ধনৰাশি ২৪ বছৰ বয়সত শিশুগৰাকীৰ একাউণ্টত জমা হ'ব। এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

উল্লেখ্য আঁচনি উদঘাটৰ দিনটোত ১১গৰাকী অনাথ শিশুক আঁচনিৰ ধন প্ৰদান কৰা হয়। আঁচনিত শিশুৰ বাবে আছে এটা লেপটপ।

গুৰুত্বপূৰ্ণ কথা আত্মীয়ৰ ঘৰতো নথকা শিশুসকলক আঁচনি অনুসৰি বৰ্ডিং স্কুলত পঢ়োৱাৰ ব্যৱস্থা কৰিব চৰকাৰে। আঁচনিৰ সমস্ত ব্যয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰপৰা কৰা হ’ব বুলি জানিবলৈ দিয়ে ডঃ শৰ্মাই।

Your Comments