উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী।
সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে পৰীক্ষা কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া সকলক অৱগত কৰি জাৰি কৰা নিৰ্দেশনাত জুলাই -আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি কৈছে। নিৰ্দিষ্টকৈ তাৰিখ উল্লেখ কৰা নাই যদিও পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক ৪০০তকৈ অধিক পৰীক্ষাৰ্থী থাকিলে ওচৰত থকা চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানক অতিৰিক্ত পৰীক্ষা কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ আগতীয়া ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰিছে।
লগতে পৰীক্ষা কেন্দ্ৰ সমূহত লোৱা সকলো ব্যৱস্থা সংসদক জনাবলৈ নিৰ্দেশনাটোত উল্লেখ আছে।
গুৰুত্বপূৰ্ণ যে মঙ্গলবাৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ১৫ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল।
- Log in to post comments
- 19 views