প্ৰকৃতিপ্ৰেমীলৈ ভাল খবৰ। ৰাজ্যত বৃদ্ধি পালে ৰাষ্ট্রীয় উদ্যানৰ সংখ্যা ।ৰাইমন সংৰক্ষিত বনাঞ্চল আৰু দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা। অসমৰ পূৰ্বৰ ৫খন ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে ২খন সংযোজনৰ ফলত বৰ্তমান ৭খনলৈ বৃদ্ধি পালে অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা। নতুন দুখন ৰাষ্ট্ৰীয় উদ্যানৰ আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যই। পাঞ্জাবাৰী অৰণ্যক ভৱনত সংবাদমেলৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে সদৰি কৰে এই কথা।
উল্লেখ্য কোকৰাঝাৰৰ কচুগাঁও বন সংমণ্ডলত অৱস্থিত ৰাইমন ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মুঠ মাটিকালি ৪২২ বৰ্গ কিঃমিঃ।
যোৱা ৫ জুন বিশ্ব পৰিৱেশ দিৱসত সংৰক্ষিত বনাঞ্চলখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ কথা অৱগত কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে দিহিং পাটকাইকো ৰাষ্ট্ৰীয় উদ্যান ঘোষণা শীঘ্ৰে কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল।
উল্লেখ যোগ্য যে, ৰাইমন সোণালী বান্দৰৰ বাবে বিখ্যাত।ইয়াত ১৫০প্ৰকাৰৰ বিভিন্ন প্ৰজাতিৰ পখিলা, ১৭০বিধ বিভিন্ন প্ৰজাতিৰ পক্ষী থকা বুলি বনমন্ত্ৰী গৰাকীয়ে কয়।
নতুন দুখন ৰাষ্ট্ৰীয় উদ্যানে অসমৰ পৰ্যটনৰ দিশটোক অধিক গুৰুত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে বৈদ্যই।
- Log in to post comments
- 26 views