*অসমৰ থলুৱা উদীয়মান ব্যৱসায়ী-উদ্যোগীক ফাঁচী বজাৰত ঠাই দিয়াৰ আহ্বান*
শিৱসাগৰৰ বিধায়ক কাৰাবন্দী অখিল গগৈৰ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ।গুৱাহাটী ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰৰ ৬৫ বিঘা ভূমিত ব'টানিকেল গাৰ্ডেন স্থাপনৰ সিদ্ধান্ত বাতিল তথা পুনৰ বিবেচনা কৰাৰ আহ্বানেৰে প্ৰেৰণ কৰিছে পত্ৰখন। বিধায়ক গগৈয়ে পুৰণি কাৰাগাৰৰ উক্ত ভূমিত ৰাজ্যৰ থলুৱা ব্যৱসায়ী আৰু উদ্যোগীৰ উপকৃত হোৱাকৈ আন্তঃৰাষ্ট্রীয় মানৰ ব্যৱসায়ীক কেন্দ্ৰক স্থাপনৰ আহ্বান জনায়।
কাৰাবন্দী বিধায়ক গৰাকীয়ে পত্ৰ খনত উল্লেখ কৰিছে- ফাঁচী বজাৰ অসমৰ বজাৰ অৰ্থনীতিৰ প্ৰাণকেন্দ্ৰ ।উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়-বাণিজ্য ইয়াৰ পৰাই নিয়ন্ত্ৰণ হয়।কিন্তু এই বাণিজ্যিক প্ৰাণকেন্দ্ৰটোত অসমৰ থলুৱা ব্যৱসায়ী-উদ্যোগীৰ মুঠেও নিয়ন্ত্ৰণতো নাইয়ে, অংশগ্ৰহনো সামান্য। শেহতীয়া ভাৱে অসমত উদীয়মান ব্যৱসায়ী-উদ্যোগীৰ সৃষ্টি হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়ীৰ প্ৰাণ কেন্দ্ৰ ফাঁচী বজাৰত সেই সকলক অকণমান ঠাই দিয়াতো চৰকাৰৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। পুৰণি কাৰাগাৰৰ মাটিখিনি থলুৱা ব্যৱসায়ী সকলৰ ব্যৱসায় স্থাপন আৰু বজাৰ দখলৰ সম্পদস্বৰূপ গগৈয়ে কয়।
মহানগৰীৰ মাজ-মজিয়া গুৰুত্বপূৰ্ণ ঠাইখিনি থলুৱা ব্যৱসায়ী-উদ্যোগীৰ বাবে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক কেন্দ্ৰ গঢ়ি নুতুলি ব'টানিকেল গাৰ্ডেন স্থাপন কৰিলে আমি ঐতিহাসিক সুযোগ হেৰুৱাম। থলুৱা ব্যৱসায়ী- উদ্যোগীক বিশ্বাসঘাটকতামূলক পৰিঘটনা ৰূপে বিবেচিত হ’ব'- বিধায়ক অখিলে কয়।
মুঠ ভূমি ১০বিঘা পাৰ্কিঙৰ বাবে ৰখাৰো পৰামৰ্শ প্ৰদান কৰিছে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে। আন্তঃৰাষ্ট্রীয় মানৰ ব’টানিকেল গাৰ্ডেন ব্ৰহ্মপুত্ৰৰ পাৰ, চিৰিয়াখানা থকাৰ ঠাইত নিৰ্মাণ কৰিব পাৰি। কিন্তু তিনিমাহত বিজ্ঞানসন্মত ব’টানিকেল গাৰ্ডেন স্থাপন কৰাটো সম্ভৱ নহয় ব্যক্তিগত অভিজ্ঞতাৰ পৰা গগৈয়ে কয়।
উল্লেখ্য মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা পুৰণি কাৰাগাৰৰ ভূমিত ব'টানিকেল গাৰ্ডেন স্থাপনৰ বাবে জিএমডিক নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰী গৰাকীৰ নির্দেশৰ পিছতে পত্ৰ প্ৰেৰণ গগৈৰ।
- Log in to post comments
- 40 views