অসমৰ বিদ্যুত বিভাগৰ অধীনৰ কোম্পানীক গুজৰাটৰ দৰে প্ৰযুক্তিগত আৰ্হি গ্ৰহণ কৰি সম্পূৰ্ণ বৃত্তিগতভাৱে লাভজনক প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

HBS

৬জুন দেওবাৰে শক্তি বিভাগৰ সৈতে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে এপিডিচিএল-লৈ আগবঢ়ালে নতুন নিৰ্দেশনা ৷  উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত বিভাগটোৰ বিষয়াসকলৰ সৈতে উক্ত বৈঠকখনত মিলিত হয় ৷ বিভাগটোৰ অধীনৰ তিনিওটা কোম্পানী ক্ৰমে এপিডিচিএল, এইজিচিএল আৰু এপিজিচিএলৰ কাম-কাজৰ পৰ্যালোচনা কৰি কোম্পানী কেইটাৰ মাইক্ৰ’লেভেল পৰ্যায়ত পৰ্যালোচনা কৰি লোকচানৰ কাৰণসমূহ চিনাক্তকৰণ আৰু তাক শুধৰাবলৈ নিৰ্দেশ দিয়ে। 

বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই এক উন্নত বিলিং চিষ্টেম গঢ়ি তুলি কোম্পানীৰ লোকচান হ্ৰাস কৰিবলৈ অসমৰ ৬৩ লাখ উপভোক্তাৰ নাম, ফোন নম্বৰ আদি সামৰি উপযুক্ত ডাটাবেচ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰোপৰি, কোম্পানী কেইটাক লাভজনক কোম্পানী হিচাপে গঢ়ি তুলিবলৈ গুজৰাটৰ দৰে প্ৰযুক্তিগত আৰ্হি গ্ৰহণ কৰাৰ লগতে কোম্পানীকেইটাক সম্পূৰ্ণ বৃত্তিগতভাৱে লাভজনক প্ৰতিষ্ঠানলৈ ৰূপান্তৰকৰণৰ পৰিকল্পনা যুগুত কৰাৰ নিৰ্দেশ দিয়া হয় ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে জনায় যে, এপিডিচিএলৰ বিদ্যুৎ মিটাৰিঙৰ শুধৰণিৰ বাবে অহা মাহত চাব ডিভিজনেল ইঞ্জিনিয়াৰ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব তেওঁ৷

কোম্পানীৰ ‘প্ৰফিট মেকিং চেণ্টাৰসমূহত ৫০০ টা ডিষ্ট্ৰিবিউচন ট্ৰেঞ্চফৰ্মাৰ তাৎক্ষণিকভাৱে স্থাপনৰ লগতে বিদ্যুৎ বিলৰ উপৰি এপিডিচিএলৰ অন্যান্য ৰাজহৰ উৎস বিলাক সঠিকভাৱে পৰিচালনা কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷

ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিদ্যুৎ ক্ৰয়ৰ দায়বদ্ধতা হ্ৰাস কৰিব লাগিব৷ এই ক্ষেত্ৰত চৰকাৰী বিভাগসমূহৰ অনাদায় বিলসমূহ পূৰণৰ বাবে বাজেট ব্যৱস্থাপনা কৰাৰ কথাও তেওঁৰ নিৰ্দেশাৱলীত যোগ দিয়ে৷

শৰ্মাই কয় যে যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুতৰ বিল নিদিয়াকৈ থাকে, সংশ্লিষ্ট ডিডিঅ’সকলৰ জৰিয়তে কৰ্মচাৰীগৰাকীৰ দৰমহাৰ পৰা এই বিলৰ ধন কৰ্তনৰ ব্যৱস্থা কৰিব লাগিব৷

বিদ্যুৎ চুৰিৰ গোচৰসমূহ ৰুজু কৰিবলৈ এতিয়াৰ পৰা সকলোবোৰ আৰক্ষী থানাকে এপিডিচিএল আৰক্ষী থানা হিচাপে ঘোষণা কৰাৰ জাননী জাৰি কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

মুখ্যমন্ত্ৰী ড° শৰ্মাই তিনিওটা কোম্পানীয়ে ২০২১ চনৰ ৩১ মাৰ্চলৈকে চৰকাৰৰ পৰা গ্ৰহণ কৰা ঋণ আৰু ইয়াৰ সুদক তাৎক্ষণিকভাৱে অংশীদাৰিত্বলৈ ৰূপান্তৰকৰণ আৰু ইয়াৰ পৰৱৰ্তী সময়ত এই অংশীদাৰিত্বৰ বিপৰীতে প্ৰাপ্য লাভালাভ প্ৰদান সম্বন্ধীয় এক জাননী অতি সোনকালে জাৰি কৰিবলৈ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক নিৰ্দেশ দিয়ে ৷

এইজিচিএলৰ ‘আছাম ইন্ট্ৰা ট্ৰেঞ্চমিচন চিষ্টেম এনহেঞ্চমেণ্ট’ প্ৰকল্পৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰাৰ আগতে এক নিৰপেক্ষ সমিতিৰ দ্বাৰা ভালদৰে অধ্যয়ন কৰাৰ পদক্ষেপ লোৱাৰ কথাও উল্লেখ কৰে উক্ত বৈঠকত ৷

Your Comments