ৰাজ্যত আৰম্ভ হৈছে আন্লক প্ৰক্ৰিয়া। ৬ জুনৰ পৰা ৰাজ্যত প্ৰযোজ্য হ’ব আন্লক প্ৰক্ৰিয়াৰ নতুন নিৰ্দেশনা ।১৬জুনলৈ বাহাল থাকিব নতুন নিৰ্দেশনা।
ক'ৰ’না আক্রান্তৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে শিথিল কৰা হৈছে ক’ভিড-নীতি নিৰ্দেশনা।
ৰাজ্যত ১বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন। বৰ্তমান ১২ বজাৰ পৰা প্ৰযোজ্য হৈছিল সান্ধ্য আইন । সেই অনুসৰি ১১বজাৰ বিপৰীতে ১২ বজালৈ খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।
ৰেষ্টুৰেণ্ট, ধাবা আৰু ভোজনালয় সমূহ বাহিৰৰ লোকৰ বাবে ১২ বজালৈ মুকলি কৰি ৰাখিব পাৰিব। ১ বজাৰ পৰা হোম ডেলিভাৰী ব্যৱস্থা চলি থাকিব।
চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় অহা ১৫ জুনলৈ বন্ধ থাকিব।
আন্তঃজিলা যাতায়ত ব্যৱস্থা ১৫ জুন পৰ্যন্ত বন্ধ থাকিব।
ৰাজ্য চৰকাৰে ক’ভিড সন্দৰ্ভত শুক্ৰবাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা।
- Log in to post comments
- 32 views