বৰঝাৰ গোপীনাথ বৰদলৈ বিমানবন্দৰ আদানি গ্ৰুপক হস্তান্তৰ কৰাৰ বিৰোধিতাৰে বিমান প্ৰাধিকৰণলৈ এজেপি-ৰ স্মাৰকপত্ৰ

Guwahati airport

ভাৰতবৰ্ষৰ বহুকেইটা বিমানবন্দৰৰ লগতে অসমবাসী ৰাইজৰ আৱেগ বিজড়িত হৈ থকা স্বাধীনতা সংগ্রামী, তথা প্ৰথম মুখ্যমন্ত্রী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাংকৃত বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰটি পুঁজিপতি গোষ্ঠী আদানি গোটৰ হাতত গতাই দিয়াৰ বাবে লোৱা একপক্ষীয়-স্বেচ্ছাচাৰী সিদ্ধান্তক বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে। শুক্ৰবাৰে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ ভাৰতীয় বিমান প্ৰাধিকৰণৰ বৰঝাৰত থকা কাৰ্যবাহী সঞ্চালকৰ হাতত অর্পন কৰি দলৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ বৰা নেতৃত্বাধীন এটা প্ৰতিনিধি দলে কয়- যোৱা সপ্তাহতে আদানি গ্ৰুপে লক্ষ্ণৌ বিমানবন্দৰটো চমজি লোৱাৰ লগে লগেই বিমান বন্দৰৰ পাৰ্কিঙৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ মাচুল দহগুণ বৃদ্ধি কৰিছে৷ বৰঝাৰৰ বিমানবন্দৰতো দায়িত্ব লোৱাৰ পিছতে তেওঁলোকে নিশ্চিত ভাৱে একেই পদক্ষেপ ল’ব৷ স্মাৰকপত্ৰত দলৰ সাধাৰণ সম্পাদক ভূঞাই লগতে কয়- কেন্দ্ৰীয় চৰকাৰে বৰঝাৰ বিমানবন্দৰ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰা হঠকাৰী কাৰ্যৰ প্ৰতিবাদ জনাই জাতীয় পৰিষদে বৰঝাৰ বিমানবন্দৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বিমানবন্দৰৰ কাৰ্যবাহী সঞ্চালকক এই সন্দৰ্ভত স্মাৰক পত্রও প্ৰদান কৰিছিল। 

দলটোৰ মতে, অসমবাসী ৰাইজৰ আৱেগ জড়িত হৈ থকা গোপীনাথ বৰদলৈৰ নামেৰে নামাংকৃত বিমানবন্দৰটোৰ সৈতে অসমীয়া ৰাইজৰ সন্মান আৰু স্বাভিমান জড়িত হৈ আছে। গতিকে ভাৰত ৰত্নৰে সন্মানিত গোপীনাথ বৰদলৈ দেৱক পৰোক্ষ অথবা প্ৰত্যক্ষ ভাৱে অসন্মান কৰা কাৰ্য কোনোধৰণে মানি ল'ব নোৱাৰি।

উল্লেখ্য যে লক্ষ্ণৌ, বেংগালুৰু আদিকে ধৰি গুৱাহাটী বিমানবন্দৰো আগন্তুক ৫০বছৰৰ বাবে আদানি গোটক গতাই দিব বিচৰা হৈছে। আদানি গ্রুপে ইতিমধ্যে দেশৰ অন্য পাঁচটা বিমানবন্দৰ নিজৰ নিয়ন্ত্রণত লৈছে। তদুপৰি আদানি গ্ৰুপে ইতিমধ্যে পাৰ্কিং আদিকে ধৰি বিমানবন্দৰৰ বিভিন্ন মাচুল দহগুন বৃদ্ধি কৰিছে। তেওঁলোকৰ এই হঠকাৰী কাৰ্যই মহামাৰীৰ কবলত পৰি বিত্তীয় সংকটে জুৰুলা কৰা যাত্ৰীসকলক আৰু অধিক সংকটৰ মুখলৈ ঠেলি দিছে। 

ভূঞাই স্মাৰকপত্ৰখনত কয়, “আমি সংশ্লিষ্ট সকলো পক্ষক সতৰ্ক কৰি দিব বিচাৰিছো যে গুৱাহাটী বিমানবন্দৰ ব্যক্তিগতকৰণৰ পৰা বিৰত থাকক। অসমবাসীৰ অধিকাৰ আৰু স্বাভিমানক পদদলিত কৰিব বিচৰা কাৰ্য আৰু যাত্রী সকলক লুট কৰিব বিচৰা প্ৰচেষ্টা সফল হ'বলৈ দিয়া নহ'ব। ব্যক্তিগতকৰণৰ পৰা বিৰত নাথাকিলে  গণতান্ত্রিক ভাৱে প্ৰৱল প্ৰতিৰোধ গঢ়ি তোলা হ'ব। আমি আমাৰ এই বাৰ্তাটিৰ যোগেদি স্পষ্ট কৰিব বিচাৰিছো যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়া বৰ্গ আৰু আদানি গ্ৰুপে এই বিষয়ে আৰু অধিক সাহস প্ৰদৰ্শনেৰে বৰঝাৰৰ বিমান বন্দৰটি আদানি গ্ৰুপক হস্তান্তৰ কৰাৰ পৰা বিৰত থাকক।“

Your Comments