স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেলত গুৰুত্বপূৰ্ণ ঘোষণা সমূহ পঢ়ি জানি লওক

Keshab Mahanta

জনতাৰ সহযোগিতাৰ বাবে ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্রান্তৰ সংখ্যা । ৭জুনত প্ৰকাশ পাব ক’ভিড বিধিৰ নতুন নিৰ্দেশনা। শুক্ৰবাৰে সংবামেলত এই কথা অৱগত কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। জনতা ভৱনত সম্বোধন কৰা সংবাদমেলখনত মহন্তই কয়-মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ এতিয়াৰ পৰা যিকোনো অন্য ৰোগতো ভুগি থকা প্ৰতিজন ক’ভিড আক্রান্তক ক’ভিড কেয়াৰ চেণ্টাৰত ৰখা হ’ব। পূৰ্বতে কেৱল ৫০বছৰৰ ঊৰ্ধৰ ক’ভিড আক্রান্তসকল ক’ভিড কেয়াৰ চেণ্টাৰত বাধ্যতামূলক ভাৱে ৰখা হৈছিল।

জিলা পৰ্যায়ত আক্ৰান্তৰ হাৰৰ ওপৰত ভিত্তি কৰি ৬খন জিলা ক্ৰমে কামৰূপ(ম), শোণিতপুৰ, নগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ জিলাত প্ৰতিদিনে ৭০ হাজাৰৰো অধিক ভেক্‌চিন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰী মহন্তই। ইফালে অন্য জিলাত দৈনিক ৭০ হাজাৰকৈ ভেক্‌চিন প্ৰদানৰ ব্যৱস্থা ল’ব স্বাস্থ্য বিভাগে। গুৰুত্বপূৰ্ণ কথা যে, এই ভেক্‌চিন ল’বলৈ কেন্দ্ৰলৈ যাব নোৱাৰা বৃদ্ধলোক, শাৰীৰিক ভাৱে অক্ষম লোক আদিৰ বাবে ঘৰে ঘৰে ভেক্‌চিন প্ৰদানৰ ব্যৱস্থা ল’ব বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

তাৎপৰ্যপূৰ্ণ কথা কভাক্সিন ভেক্‌চিনৰ নাটনিৰ বাবে এতিয়াৰ পৰা ৰাজ্য চৰকাৰে কেৱল ক’ভিশ্বিল্ড প্ৰদান কৰিব। যিসকলে কভাক্সিন প্ৰথম ড’জ লৈছিল সেই সকলক দ্বিতীয় ডজ ৪২দিনৰ ভিতৰত প্ৰদান কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

Your Comments